Investigative reporting with dedication.

আভ্যন্তৰীণ জল পৰিবহন বিভাগে যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ চলাচল কৰা ফেৰী সমূহৰ সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰি দিছে। জনসাধৰণৰ সুবিধাৰ্থে নিৰ্ধাৰণ কৰি দিছে এই বিশেষ সময়সূচী। প্ৰত্যেক দিনাই নিৰ্দিষ্ট সময়ত ৪ বাৰকৈ চলিব ফেৰী। পুৱা ৮:৩০ বজাত, ১০:৩০ বজাত, ১২:৩০ বজাত আৰু ৩:৩০ বজাত নিৰ্ধাৰণ কৰা হৈছে সময়। আনহাতে নিমাতী ঘাটৰ পৰা অফলা মুখলৈ ৩ বাৰকৈ চলিব ফেৰী সমূহ। পুৱা ৮ বজাত, দিনৰ ১১:৩০ বজাত আৰু বিয়লি ৩ যাত্ৰা কৰিব ফেৰী কেইখনে। উল্লেখ্য যে নিমাতী ঘাটৰ পৰা নতুনকৈ সংযোজন ঘটোৱা হৈছে এখন মালবাহী ফেৰীৰ আৰু এই মালবাহী ফেৰী খন দৈনিক এবাৰকৈ চলাচল কৰিব। সপ্তাহত ৩ দিনকৈ যোৰহাটৰ পৰা অফলালৈ আৰু ৪ দিন কমলাবাৰীলৈ সামগ্ৰী কাঢ়িয়াই নিব এই মালবাহী ফেৰীখনে। সোমবাৰে ১১ খন মিনি ট্ৰাকৰ সামগ্ৰী লৈ মাজুলীলৈ যাতায়াত কৰে এই মালবাহী ফেৰীখনে।




