Investigative reporting with dedication.

ৰাজ্যৰ জলপৰিবহণ বিভাগত নব সংযোজন। আজি মহানগৰীৰ লাচিত ঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ৫ খনকৈ নতুন ফেৰী। ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰিব লোহিত, সোনাই, প্ৰতিমা, বিশাল আৰু বিক্ৰান্ত নামৰ ফেৰী কেইখনে। লোহিত চলাচল কৰিব যোৰহাটৰ নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ। সোনাই চলিব গুৱাহাটীৰ পৰা কুৰুৱালৈ আৰু প্ৰতিমা চলিব ধুবুৰীত। আনহাতে বিক্ৰান্তও চলাচল কৰিব মাজুলীলৈ।




