নতুন এছ অ’ পি- কিদৰে পাতিব পাৰিব পূজা ?

Share This Article

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে আন এখন নতুন এছ অ’ পি৷ বিশেষকৈ দূৰ্গাপূজাক সামৰি প্ৰকাশ কৰা এছ অ’ পিৰ নিদের্শনা সমূহ-

1.দূৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি: জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব পূজা-উৎসৱ।

2.প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দূৰ্গাপূজা পালন কৰি অহা পূজা কমিতি/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব।

3. জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি সম্পূৰ্ণ পালন কৰিহে আয়োজন কৰিব পাৰিব পূজা৷ একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব।

4.মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীসকল যাতে একেস্থানতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব।

5. ‘কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে কেৱল পূজামণ্ডপত প্ৰৱেশৰ অনুমতি’ শীৰ্ষক ফলক পূজামণ্ডপসমূহৰ সকলো ফালেই লগাই ৰাখিব লাগিব।

6. দৰ্শনাৰ্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক।

7.পূজাস্থলী/মণ্ডপৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব আয়োজকে।

8. প্ৰতিদিনে দৰ্শনাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে আৰু নিশা দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধৰ পাছত আয়োজকে পূজাস্থলী/মণ্ডপ দুবাৰ ভালকৈ ছেনিটাইজ কৰিব লাগিব।

9.অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এএছডিএমএ)-এৰ সান্ধ্য আইনৰ সময়সীমা সকলোৱেই মানি চলিব লাগিব।

10. অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজামণ্ডপ দৰ্শনাৰ্থীৰ বাবে মুকলি ৰখাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা সকলো আয়োজক/পূজা সমিতিয়ে কঠোৰ ভাৱে মানি চলিব লাগিব। নিশা নিৰ্ধাৰিত সময়ত পূজা মণ্ডপৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি আয়োজক সমিতি সেইদিনাৰ বাবে পূজামণ্ডপৰ কাৰ্যসূচী সামৰাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব।

11. ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজহুৱা জনসমাগমৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা অনুসৰি দূৰ্গাপূজাৰ আগে-পাছে বা পূজাৰ কেইদিনত সাংস্কৃতিক সন্ধিয়া আদি কাৰ্যসূচীৰ আয়োজনত কঠোৰ বাধানিষেধ প্ৰযোজ্য হ’ব।

12. আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব।

13.আয়োজক সমিতিয়ে ক’ভিড প্ৰট’কল ৰক্ষা কৰি দূৰ্গাপূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন পৰ্ব তেনেই সাধাৰণ ভাৱে সম্পন্ন কৰিব লাগিব। পৰাপক্ষত ভাৰ্চুৱেল পদ্ধতিৰেই মণ্ডপ উদ্বোধন কৰাটোৱেই হ’ব সুৰক্ষিত পন্থা।

14.ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুমতি দিয়া সীমিত সংখ্যক লোকৰ দ্বাৰা দাঙিব পৰাকৈ প্ৰতিমাৰ আকাৰো যথাসম্ভৱ সীমিত কৰি ৰাখিব লাগিব আয়োজক সমিতিয়ে।

15.প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰি ৰাখিব লাগিব আৰু আয়োজক সমিতিয়ে মণ্ডপৰ প্ৰতিমা উলিয়াই নি আন ক’তো নৰখোৱাকৈ পোনে পোনে নিৰ্দিষ্ট ঘাটতত বিসৰ্জন দিব লাগিব।

16.বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে আগতীয়াকৈ যথোচিত পৰিকল্পনা প্ৰস্তুত কৰিব আৰু প্ৰত্যেক আয়োজক সমিতিক আগতীয়াকৈ বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰি দিব। পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন হ’লে বিসৰ্জন পৰ্ব দুদিন বা ততোধিক দিনত সম্পন্ন কৰাৰ বাবে আগতীয়া সিদ্ধান্ত ল’ব প্ৰশাসনে।

17.ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পূজা আয়োজক সমিতিসমূহৰ বাবে ধাৰ্য কৰা সীমিত সংখ্যক লোকেহে প্ৰতিমা বিসৰ্জনত ভাগ ল’ব পাৰিব।

18.বিসৰ্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলৰ সকলোৱেই ক’ভিড প্ৰতিষেধক লোৱা লোক হ’ব লাগিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.