সুখবৰঃ অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ

Share This Article

ক’ভিড সৃষ্ট পৰিস্থিতি আৰু তলাবন্ধই জনসাধাৰণক মাধমাৰ সোধাই থকাৰ মাজতে অসমবাসীৰ বাবে আহিছে এটা সুখবৰ। অসমত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৪৯৩ জন ব্যক্তি। ইয়াৰ পূৰ্বে সোমবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত হৈছিল ৫৬৪ জন ব্যক্তি। অৱশ্যে কামৰূপ মহানগৰ জিলাত দেখা গৈছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি। কামৰূপ মহানগৰ জিলাত মঙলবাৰে ১৩৮ জন ব্যক্তি আক্ৰান্ত হোৱাৰ বিপৰীতে সোমবাৰে জিলাখনত আক্ৰান্ত হৈছিল ১১৮ জন ব্যক্তি। উল্লেখ্য যে মঙলবাৰে গোলাঘাটত ৩৫, যোৰহাটত ৩৪,বৰপেটাত ৩১ জন ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। মঙলবাৰৰ দিনটোত ৰাজ্যত ৭০৮৯৩ গৰাকী ৰোগীৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। ৰাজ্যত বৰ্তমান প’জিটিভৰ হাৰ ০.৭০ শতাংশ । বিগত ২৪ ঘন্টাত ৰাজ্যত মৃত্যু হৈছে ৯ জন ক’ভিড আক্ৰান্ত ৰোগীৰ। বৰ্তমান সময়ত ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৪৩১৯ গৰাকী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.