শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি সম্পৰ্কে কি ক’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে?

Share This Article

শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তি আৰু আয়ৰ প্ৰমাণপত্ৰক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে ফেচবুক যোগে দিছে এক বিশেষ স্পষ্টীকৰণ

“শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে, তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে। শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ বছৰেকীয়া আয় ২ লাখৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকী যদি পতিয়ন যায়, তেওঁ তেনে ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব। মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.