মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া ইমৰান শ্বাহ হুছেইনক গ্ৰেপ্তাৰ

Share This Article

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া মূল অভিযুক্ত হাতীগাঁৱৰ ইমৰান শ্বাহ হুছেইনক দেওবাৰে দিল্লীৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ সহযোগত দিছপুৰ থানাৰ আৰক্ষীয়ে ঠিকাদাৰ ইমৰানক গ্রেপ্তাৰ কৰে৷ চাৰি দিন পূর্বে ইমৰানে হাতীগাঁৱৰ পৰা পলায়ন কৰি দিল্লীৰ এখন হোটেলত আত্মগোপন কৰি আছিল৷ ঠিকাদাৰ ইমৰানে মুখ্যমন্ত্রীৰ জাল চহীৰে শিৱসাগৰৰ ডিমৌৰ চাৰিজন ঠিকাদাৰক জল জীৱন আঁচনিৰ তিনি কোটি টকাৰ ঠিকাৰ ভুৱা ৱর্ক অর্ডাৰ দিছিল৷ এই ঘটনা সন্দর্ভত যোৱা ৯ ছেপ্টেম্বৰত দিছপুৰ আৰক্ষীয়ে ডিমৌৰ পৰা যামিনী মোহন, দীপ দত্ত, বিনীত পোদ্দাৰ আৰু পংকজ গগৈক গ্রেপ্তাৰ কৰিছিল৷ লুইত কনষ্ট্রাকচন নামৰ প্রতিষ্ঠানটোক মুখ্যমন্ত্রীৰ জাল চহীৰে ৱর্ক অর্ডাৰ দিয়া ঘটনা সন্দর্ভত দিছপুৰ থানাত ৰুজু হোৱা গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে কালি বিজেপিৰ কিষাণ মর্চাৰ কামৰূপ মহানগৰ জিলাৰ কার্যকৰী সদস্য ৰাজীৱ কলিতাকো লোকপ্রিয় গোপীনাথ বদৰলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা গ্রেপ্তাৰ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.