অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

Share This Article

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ মুখ্য কাৰ্য্যালয় কাহিলীপাৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা ভালে সংখ্যক অসুবিধাৰ সম্পৰ্কে,উচ্চ শিক্ষা সঞ্চালক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰি দাবী সমূহৰ বিষয়ে অবগত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰধান দাবীসমূহ হল :

১) ৰাজ্যৰ চৰকাৰী, প্ৰদেশীকৃত, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, আটাইকেইখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক নামভৰ্তি মাচুলৰ পৰা ৰেহাই দিব লাগে। ইয়াৰোপৰি প্ৰফেচনেল শিক্ষাৰ ছাত্ৰ ছাত্ৰী ক এই আঁচনিৰ অধীনত মাচুল ৰেহাইৰ ব্যৱস্থা কৰিব লাগে।

২) ৰাজ্যৰ যিমানখিনি শিক্ষাৰ্থীয়ে মহাবিদ্যাল়য় বা অন্য শৈক্ষিক প্ৰতিষ্ঠানত স্নাতক/স্নাতক পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ বাবে আবেদন কৰিছে, সকলো শিক্ষাৰ্থী ৰ বাবে আসন সু নিশ্চিত কৰিব লাগে।

৩) ৰাজ্যৰ মহাবিদ্যাল়য়সমূহত খালী হৈ থকা শিক্ষক, গ্ৰন্থাগাৰিক, কাৰ্যালয় সহযোগিকে ধৰি সকলো পদ অতিশিঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে।

৪)চৰকাৰী আদৰ্শ মহাবিদ্যাল়য়সমূহৰ অান্তঃ গাঁথনি, পুথিভঁৰাল আৰু পৰীক্ষা গাৰৰ ব্যৱস্থা উন্নত কৰক।

৫) ৰাজ্যৰ প্ৰত্যোক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম ৰ শিক্ষাৰ্থীক কিতাপ পত্ৰ কিনাৰ বাদদ তাৎক্ষণিক ভাৱে অন্ততঃ ২,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.