এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছৰ বিস্ফোৰক তথ্য: সৰ্বাধিক দল বাগৰ নেতা কংগ্ৰেছৰ

Share This Article

দেশত প্ৰায়ে এটা দলৰ পৰা অন্য এটা দললৈ দল সলনি কৰা নেতাৰ প্ৰয়োভৰ পূৰ্বতকৈ বৃদ্ধি পায় আহিছে। এনে সময়তে “এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছ” ৰ এক প্ৰতিবেদনে আনিছে বিস্ফোৰক তথ্য। ২০১৪ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত বিধানসভা আৰু সংসদীয় নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ পৰাই সৰ্বাধিক নেতাই আন দলত যোগদান কৰে। এই সময়ছোৱাত দলটোৰ ২২২ জন নেতাই অন্য দলত যোগদান কৰিছিল। “এ ডি আৰ” ৰ তথ্য অনুসৰি বি এছ পি ৰ ১৫৩ গৰাকী প্ৰাৰ্থীয়ে এই সময়ছোৱাত আন দলত যোগ দিয়ে। দলবাগৰা মুঠ ১,১৩৩ গৰাকী প্ৰাৰ্থীৰ ২৫৩ গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু আনহাতে প্ৰতিবেদনৰ মতে এই কালছোৱাত কংগ্ৰেছ এৰি আন দলত যোগদান কৰা সাংসদ বিধায়াকৰ সংখ্যা ১১৭ গৰাকী। সমান্তৰলভাৱে ৩৩ গৰাকী জন প্ৰতিনিধিয়েও নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে দল ত্যাগ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.