Investigative reporting with dedication.

মাজুলীত যোৱাকলিৰ বিয়লি ভাগত সংঘটিত হোৱা মৰ্মান্তিক নাও দুৰ্ঘটনা সন্দৰ্ভে এইবাৰ বিস্ফোৰক মন্তব্য দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ। বিধায়ক গৰাকীয়ে আজি কয় যে “যাত্ৰীৰো ভুলৰ বাবেই সংঘটিত হল ভয়ংকৰ নাও দুৰ্ঘটনাটো। যিমান যাত্ৰী উঠে সিমান বাহন নাওঁত উঠাই যাত্ৰা কৰে। যাত্ৰী,জল পৰিবহণ কৰ্মচাৰী,নাও চালকৰ ভুলৰ বাবেই সংঘটিত হল এই দুৰ্ঘটনা। তেওঁলোকৰ মৃত্যুয়ে তেওঁলোকক মতিছে, সেইবাবে এনে ঘটনা সংঘটিত হৈছে আৰু দুৰ্ভাগ্য যেতিয়া আহে কাকো দোষ দি লাভ নাই বুলি ও মন্তব্য কৰে বিধায়ক গৰাকীয়ে। মৰ্মান্তিক নিমাতী ঘাটৰ দুৰ্ঘটনা শোক বৰ্তমানেও মাৰ যোৱা নাই। তাৰ মাজতে এনেধৰণৰ ভাষ্য বিধায়ক অতুল বৰাৰ।




