ভয়ংকৰ নাওঁ দুৰ্ঘটনাৰ পিছতে উত্তাল মাজুলী, প্ৰতিবাদত নামিল মাজুলীবাসী

Share This Article

যোৱাকালি সংঘটিত হোৱা হৃদয় বিদাৰক নাও দুৰ্ঘটনাৰ পাছতেই এতিয়া আছু আৰু মাজুলীবাসী ৰ উত্তাল প্ৰতিবাদত কঁপি উঠিছে মাজুলী। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু মাজুলী জিলা প্ৰশাসন, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হৈছে। উত্তেজিত লোকে ঘেৰাও কৰে মাজুলীত গৈ উপস্থিত হোৱা মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাক। যিহেতু চৰকাৰৰ চৰম গাফিলতিৰ বাবেই সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। বিভাগৰ চৰম হেমাঁহিৰ বাবেই প্ৰাণ দিব লগা হল পৰিমিতা দাসে। মাজুলী বাসীৰ ভাষ্য অকালতে মৃত্যুবৰণ কৰা পৰিমিতা দাসৰ দৰে যাতে আৰু কোনোৱে প্ৰাণ দিব নালাগে তাৰ ব্যৱস্থা কৰক। মাজুলীৰ জিলা উপায়ুক্তৰ বিৰুদ্ধেও গঢ়ি তোলা হৈছে ব্যাপক প্ৰতিবাদ। ইতিমধ্যে NDRF আৰু SDRF ৰ তৰফৰ পৰা বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান আৰু বৰ্তমানলৈকে উদ্ধাৰ প্ৰায় ৮৪ গৰাকী যাত্ৰী। বায়ু সেনাৰ হেলিকপ্টাৰেও চলায় থকা হৈছে উদ্ধাৰ অভিযান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.