বৃহৎ নদীবান্ধ বান্ধৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্য্যসূচী, “উত্তৰ অসমৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্য্যন্ত নদীবান্ধ বন্ধ ৰাখক” : পলাশ চাংমাই

Share This Article

গুৱাহাটী 6ছেপ্তেম্বৰ: নামনি সোৱঁণশিৰিৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে | কাৰ্য্যসূচী মতে সমগ্ৰ অসমৰ পৰিষদৰ সকলো জিলা সমিতিয়ে সংশ্লিষ্ট প্ৰশাসনিক জিলাৰ উপায়ুক্ত কাৰ্য্যালয় সমূহৰ সন্মূখত নদী বান্ধ বিৰোধী বিভিন্ন বেনাৰ পষ্টাৰ লৈ এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে| পিছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে সকলো ধৰণৰ বৃহৎ নদীবান্ধ মানুহৰ জীৱন সম্পত্তি, সভ্যতা, জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক ভাৰসাম্যতাৰ বাবে ভয়ংকৰ | বিশ্বৰ অনান্য দেশত বৃহৎ নদীবান্ধৰ সলনি ইতিমধ্যে শক্তি আহৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে | সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সকলো প্ৰকাৰৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধীতা কৰে | গেৰুকামুখত NHPC ৰ দ্বাৰা নিৰ্মাণ কৰি থকা নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আৰম্ভণিৰে পৰা পৰিষদে বিৰোধীতা কৰি আহিছে আৰু এই বৃহৎ নদীবান্ধ বন্ধৰ দাবীত প্ৰতিবাদী আন্দোলন অব্যাহত ৰাখিছে | কাৰণ অসমৰ সীমান্তত চুবুৰীয়া অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা এই নদী বান্ধে উত্তৰ অসমৰ বিশেষকৈ ধেমাজী, লখিমপুৰ, মাজুলী জিলাৰ লাখ লাখ মানুহৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিব | এক কথাত এই নদীবান্ধ উত্তৰ অসমৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ বাবে মৃত্যদূত স্বৰূপ | নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা দিনৰে পৰা অসমৰ ৰাইজ আৰু বিভিন্ন দল সংগঠনে এই বৃহৎ নদীবান্ধ বন্ধৰ দাবী জনাই আহিছে | সমগ্ৰ বিষয়টোৱে গ্ৰীন ট্ৰাইবুনেল, আদালত আদিৰ মজিয়া পাইছে | বহুবাৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনকাৰী, চৰকাৰ আৰু NHPC কৰ্তৃপক্ষৰ মাজত আলোচনা হৈছে আৰু বিভিন্ন চুক্তি হৈছে | কিন্তু সকলো ধৰণৰ চুক্তি, ন্যায়ালয়ৰ নিৰ্দেশনা, বিশেষজ্ঞ সমিতি আদিৰ প্ৰতিবেদনক নস্যাৎ কৰি লগতে অসমৰ ৰাইজৰ আৱেগক ভৰিৰে মোহাৰি NHPC য়ে বিভিন্ন কৌশলৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত বান্ধ নিৰ্মাণ কৰি গৈছে | বিগত প্ৰায় দুটা বছৰে কভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত হোৱা লক ডাউনৰ ফলত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কিছু স্তিমিত হোৱাৰ সুযোগত অতি গোপনে ক্ষীপ্ৰতাৰে নিৰ্মাণৰ কাম কৰি সম্প্ৰতি প্ৰায় 70% কাম সম্পূৰ্ণ কৰিছে | অতি শেহতীয়া ভাৱে বাৰিষাৰ ফলত জলস্তৰ বৃদ্ধি হৈ বান্ধৰ দুফুট ওপৰেদি পানী বৈ যোৱাৰ লগতে বান্ধৰ সুৰক্ষা দেৱাল (গাৰ্ড ৱাল ) আংশিক ভাবে খহিছে আৰু টানেল ভাঙি গৈছে | কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে এই সমগ্ৰ বিষয়টো NHPC য়ে গোপন কৰি ৰাখিছে | বৰ্তমান NHPC ৰ নামনি সোৱঁণশিৰি বৃহৎ নদীবান্ধ চৰম সংকটত আছে আৰু যিকোনো মূহুৰ্ততে নামনিত থকা অসমৰ ৰাইজৰ বাবে কাল ধুমুহা হৈ নামি অহাৰ আশংকা আছে | পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে 2000 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা থকা এই প্ৰকল্পৰ জৰিয়তে অসমে নামনিৰ ভুক্তভোগী ৰাজ্য ( Down stream affected) হিচাপে অতি নগন্য পৰিমাণৰ 1.25% মেগাৱাট বিদ্যুৎ লাভ কৰিব | ইয়াৰ বিপৰীতে এই বান্ধৰ পৰা কোনো ক্ষয়ক্ষতি নোহোৱাকৈ বহু পৰিমাণৰ বিদ্যুৎ বিনামূলীয়াকৈ অৰুণাচল প্ৰদেশে লাভ কৰিব | নামনি সোৱঁণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা উত্তৰ অসমৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ কেবল জীৱন সম্পত্তি, সভ্যতা সংস্কৃতি, জৈৱ-বৈচিত্ৰ ধংসই নহয় নামনিত ক্ষতিগ্ৰস্ত হিচাপে অসমে এই প্ৰকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ প্ৰাপ্যৰ পৰাও যে বঞ্চিত সেয়াও লক্ষণীয় | অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে NHPC প্ৰকল্পৰ নামনিত থকা অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চয়তা প্ৰদান নকৰা পৰ্য্যন্ত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন অব্যাহত ৰাখিব বুলি যুৱ-ছাত্ৰ পৰিষদে স্পষ্ট কৰি দিয়ে |

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.