৫ ছেপ্তেম্বৰ, হাওৰাঘাট : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাটতো শিক্ষক দিৱস উদযাপন । এই উপলক্ষে সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ উদ্যোগত তিনি গৰাকী কৃতী শিক্ষ্ক ক্ৰমে তৰুণ চন্দ্ৰ সন্দিকৈ, সাৱিত্ৰী দাস আৰু আশ্ৰফ উদ্দিন আহমেদ লৈ “জ্ঞান সাধনা বঁটা” আৰু দুগৰাকী নৱপ্ৰজন্মৰ শিক্ষ্ক ক্ৰমে বিদ্যাৰাম ছিংনাৰ আৰু প্ৰবীণ নাথক “অনুপ্ৰেৰণা বঁটা” প্ৰদান কৰা হয় ।
ইপিনে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, সমাজ কৰ্মী যজ্ঞোৰাম গগৈৰ সোঁৱৰণত সাংবাদিক ৰূপক দাসৰ সম্পাদনাৰে উন্মোচন কৰা কৰা হয় “সোঁৱৰণীৰ কুঁৱলী” শীৰ্ষক এখনি গ্ৰন্থ । গ্ৰন্থখন উন্মোচন কৰে হাওৰাঘাট মহকুমা প্ৰেছ ক্লাৱৰ সভাপতি প্ৰশান্ত বৰা আৰু অন্যান্যসকলে । হাওৰাঘাট পৌৰ সভাৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত যমুনাৰ সদস্য সকলৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও শিক্ষাবিদ, প্ৰাক্তন ছাত্ৰ আৰু তেখেতৰ গুণমুগ্ধ লোক উপস্থিত থাকে৷ অনুষ্ঠানত উপস্থিত প্ৰত্যেকগৰাকীয়েই প্ৰয়াত গগৈয়ে সুদূৰ শিৱসাগৰৰ পৰা কৰ্মসূত্ৰে হাওৰাঘাটলৈ আহি অঞ্চলটোৰ শৈক্ষিক,সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post