কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰি কি ক’লে অমিত শ্বাহে ?

Share This Article

শণিবাৰে অসম চৰকাৰে ৬ বিদ্ৰোহী সংগঠনৰ লগত স্বাক্ষৰ কৰিলে কাৰ্বি শান্তি চুক্তি ৷এই বিদ্ৰোহী সংগঠনকেইটা  বিগত কেবাদশক ধৰি সক্ৰিয় হৈ আছিল ৷ শান্তি চুক্তি স্বাক্ষৰ কৰা বিদ্ৰোহী সংগঠনকেইটা হৈছে  কে এল এন এল এফ , পি ডি চি কে , ইউ পি এল এ , ইউ পি এল এ আৰু কে পি এল টিৰ তিনিটা গোট ৷

গৃহমন্ত্ৰী অমিত শ্বাহে এই চুক্তিক ঐতিহাসিক আখ্যা দি কয় যে আজিৰ দিনটো অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব ৷১০০০ বিদ্ৰোহীয়ে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে ৷ কেন্দ্ৰ আৰু অসম চৰকাৰে এইসকলৰ পুণৰসংস্থাপনৰ বাবে কাম কৰিব ৷ কাৰ্বি আংলঙৰ বিকাশৰ বাবে অসম চৰকাৰে ১০০০ কৌটি ব্যয় কৰিব বুলিও অমিত শ্বাহে ঘোষণা কৰে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.