ট’ৰন্টো আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

Share This Article

অসমৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ ৷সপ্তম ট’ৰন্টো আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে আইমী বৰুৱাই ৷ ‘ছেমখোৰ’ নামৰ চলচ্চিত্ৰখনৰ বাবে তেও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

ডিমাচা ভাষাত নিৰ্মান কৰা ‘ছেমখোৰ’ হৈছে প্ৰথম চলচ্চিত্ৰ ৷চিনেমাখনৰ পৰিচালনাও আইমী বৰুৱাৰ ৷ডিমাচা লোকসকলৰ পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক এই চিনেমখনৰ জড়িয়তে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে ৷

পূৰ্বে ‘ছেমখোৰ’ চিনেমাখনে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মহিলা চলচ্চিত্ৰ , শ্ৰেষ্ঠ নৱাগত পৰিচালক আদি শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

আইমী বৰুৱা অসমৰ চিনেজগতত এক পৰিচিত নাম ৷ তেও অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সহধৰ্মিনী ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.