ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

Share This Article

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ চৰকাৰৰ লগত ভাৰতৰ যি বন্ধুত্ব আছিল , তেনে সম্পৰ্ক এতিয়াও বজাই ৰাখিলে দিয়োখন দেশৰ বাবেই মংগল ৷

দেওবাৰে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত নতুন চৰকাৰ গঠন এতিয়া মাথো সময়ৰ অপেক্ষা ৷ কিন্তু তালিবান চৰকাৰক ভাৰতে সমৰ্থন দিয়া নিদিয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপণ হৈছে ৷ তেনে সময়তে তালিবানে মন্তব্য কৰিছে যে ভাৰতে বিচাৰিলে দুয়োখন দেশে পূৰ্বৰ দৰে সম্পৰ্ক বজাই ৰখাটো সম্ভৱ ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.