এছক’ৰ্টৰ নামত গুৱাহাটীত কোনে , কেনেদৰে চলাই দেহ ব্যৱসায় ?

Share This Article

এছক’ৰ্ট চাৰ্ভিছৰ নামত গুৱাহাটীত চলি আছে দেশ ব্যৱসায় ৷ ফেচবুক , টুইটাৰ আদি সামাজিক মাধ্যমত এটা চক্ৰই প্ৰথমতে গ্ৰাহকৰ লগত নিজে যোগাযোগ কৰে ৷ তাৰ পাছত এছক’ৰ্টৰ নামত যুৱতী , মহিলাক প্ৰেৰণ কৰে গ্ৰাহকৰ ওচৰলৈ ৷ এইদৰেই সামাজিক মাধ্যমৰ জড়িয়তে দেহ ব্যৱসায় চলাই অহা এটা চক্ৰ  আৰক্ষীৰ জালত পৰিছে ৷ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেবাগৰাকীও পুৰুষ – মহিলাক ৷আৰক্ষীৰ জালত পৰিছে পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ মেনেজাৰ নয়নমনি পাটোৱাৰী , মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ ওফৰে বমবাম  আৰু দিয়া শৰ্মা ওৰফে জোনাকী বেগম ৷

কেনেদৰে চলে দেহ ব্যৱসায় ?

দেহ ব্যৱসায়ী চক্ৰটোৰ টুইটাৰ , ফেচবুক আদিত নিজা একাউন্ট আছে ৷ এই একাউন্টসমূহৰ জড়িয়তে কিছুমান ৱেবচাইটৰ ঠিকনা প্ৰচাৰ কৰা হয় ৷ লগতে কোৱা হয় যে এই ৱেবচাইটসমূহত এছক’ৰ্টৰ সুবিধা পোৱা যায় ৷গুৱাহাটীৰ লগতে অসমৰ আন আন চহৰতো এছক’ৰ্ট প্ৰদান কৰা হয় ৷ জনাই জানে যে এছক’ৰ্ট মানে হ’ল নৈশ সংগী ৷ এনে ফেচবুক বা টুইটাৰ একাউন্টৰ প্ৰতি আগ্ৰহ দেখুওৱা লোকৰ লগত সামাজিক মাধ্যমতে যোগাযোগ কৰে ব্যৱসায়ী চক্ৰটোৱে ৷তাৰ পাছত ঠিক কৰা হয় যুৱতী বা মহিলাৰ দৰ দাম ৷ সেই অনুসৰি গ্ৰাহকৰ ওচৰলৈ তেওলোকক প্ৰেৰণ কৰা হয় বা গ্ৰাহকক নিৰ্দিষ্ট স্থানলৈ মাতি পঠিওৱা হয় ৷

কেনেকৈ আৰক্ষীৰ নজৰলৈ আহিল ?

মহানগৰ আৰক্ষীৰ ছোচিয়েল মেডিয়া চেলে যোৱা কিছুদিনৰ পৰা এছক’ৰ্ট চাৰ্ভিছ সম্পৰ্কীয় কেতবোৰ টুইটাৰ একাউন্ট লক্ষ্য কৰি আহিছিল ৷ এই একাউন্টৰ তথ্য বিচাৰোতে ওলাই পৰে যে ইয়াৰ লগত ৰাজ্যৰ এটা বৃহৎ দেহ ব্যৱসায় চক্ৰ জড়িত হৈ আছে ৷ লগে লগে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধিৰ ২৯২ , ৩৭১ আৰু আই টি এক্টৰ ৬৭, ৬৭(এ) ধাৰাৰ অধীনত ০৯/২০২১ নং গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে ৷ প্ৰথমতে যোৱা ৫ আগষ্টত আৰক্ষীৰ জালত পৰে পাণবজাৰৰ মিনাৰ্ভা হোটেলৰ মেনেজাৰ নয়নমনি পাটোৱাৰী ৷ আৰক্ষীৰ জেৰাত তেও সদৰী কৰে যে মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ নামৰ এজন লোকে এই ব্যৱসায় নিয়ন্ত্ৰণ কৰে ৷ মুকুল ভৰদ্বাজৰ পত্নী দিয়া শৰ্মা ওৰফে জোনাকী বেগমো সমস্ত কাৰবাৰৰ লগত জড়িত ৷ ইয়াৰ পাছতে আৰক্ষীয়ে জোনাকীক গ্ৰেপ্তাৰ কৰে ৷মুকুল ভৰদ্বাজে সেইদিনা পলায়ন কৰে  ৷

নয়নমনি পাটোৱাৰী আৰু দিয়া শৰ্মা ওৰফে জোনাকী বেগম

 

ক’ত , কেনেদৰে চলাইছিল দেহ ব্যৱসায় ?

পাণবজাৰৰ মিনাৰ্ভা হোটেল শেহতীয়াকৈ হৈ পৰিছিল দেহ ব্যৱসায়ৰ ঘাটি ৷ অনলাইনযোগে গ্ৰাহকৰ লগত দৰ দাম চূড়ান্ত হোৱাৰ পাছত তেওলোকক অভিসাৰৰ বাবে হোটেল মিনাৰ্ভাৰ কোঠা প্ৰদান কৰা হয় ৷ ইয়াৰ বাহিৰেও মুকুল ভৰদ্বাজে জীয়া ভৰালী এপাৰ্টমেন্টত নিজৰ নামত এটা ফ্লেট ভাৰালৈ লৈছিল ৷ তাৰ পৰাও চলিছিল দেহ ব্যৱসায়ৰ নেটৱৰ্ক ৷এই ব্যৱসায়ৰ কিংপিন মুকুল ভৰদ্বাজে ১০ -১৫ টা মোবাইল ফোনেৰে সমগ্ৰ নেটৱৰ্ক চলাই গৈছিল ৷

ক’ত লুকাই আছিল মুকুল ভৰদ্বাজ ?

মুকুল ভৰদ্বাজৰ মোবাইল ফোনৰ নম্বৰসমূহৰ লোকেচন প্ৰথমতে দিল্লী , বিহাৰ আৰু মহাৰাষ্ট্ৰত পোৱা গ’ল ৷ কিন্তু তেও ১০-১৫ টা মোবাইল ফোন ব্যৱহাৰ কৰে বাবে আৰক্ষী প্ৰথমতে বিপাঙত পৰিল ৷ কিন্তু চোৰাংছোৱাৰ খবৰৰ ভিত্তিত জানিব পাৰে যে মুকুল ভৰদ্বাজে বিহাৰৰ লক্ষীচৰাই জিলাত আত্মগোপন কৰি আছে ৷তাৰ পাছতে আৰক্ষীৰ অপৰধ শাখাৰ এটা দলে বিহাৰলৈ গৈ মুকুলক যোৱা ৮ আগষ্টত গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি মুকুল ভৰদ্বাজক গুৱাহাটীলৈ আনি আৰক্ষীয়ে জেৰা চলাই আছে ৷ গুৱাহাটীৰ বাহিৰেও আন বহু ঠাইত তেও দেহ ব্যৱসায় চলাই অহাৰ তথ্য আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ৷

মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.