মন্ত্ৰী ৰঞ্জিত দাসৰ যুক্তি ২৪ ঘন্টাও নিটিকিল কিয় ?

Share This Article

গাঁৱত ঘৰ সাজিলেও পঞ্চায়তক দিব লাগিব কৰ ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘আদৰ্শ নাগৰিক চনদ’ মুকলিৰে এই ঘোষণা কৰিছিল মঙলবাৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বুধবাৰে পুৱাই নিজৰ সিদ্ধান্তৰ সমৰ্থনত কেতবোৰ যুক্তি দাঙি ধৰে মন্ত্ৰী ৰঞ্জিত দাসে ৷ তেও কয় – ‘’আমি প্ৰায়েই লক্ষ্য কৰিছো আৰু আমালৈ বহুবাৰ অভিযোগ আহে যে গ্ৰামাঞ্চলত ব্যয়বহুল গৃহৰ লগতে বিভিন্ন উদ্যোগ তথা ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰা সময়ত মাটি, শিল, বালি, ইটা আদি সামগ্ৰী ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ দৰে গধুৰ গাড়ীৰে কঢ়িওৱাৰ ফলত বাট পথৰ দুৰৱস্থা হয় ৷ যাৰবাবে চুবুৰীয়া গঞা ৰাইজে জীয়াতু ভূগিবলগীয়া হয় ৷ ইয়াৰ বাবদ ঘৰৰ গৰাকীয়ে কিন্তু পথটিৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে আৰু ৰাইজে চৰকাৰক দোষাৰোপ কৰি থাকে পথ মেৰামতি কৰা নাই বুলি ৷এনেধৰণৰ কিছু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে পঞ্চায়তে ব্যয়বহুল গৃহ নিৰ্মাণৰ বাবদ কৰ সংগ্ৰহ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে ৷”

মন্ত্ৰীৰ এনে যুক্তি কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিলে অসমৰ প্ৰতিটো দল সংগঠনে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এই হঠকাৰী নীতিৰ বাবেই ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও গণৰোষৰ সৃষ্টি হ’ল ৷ অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হয় যে গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ ক্ষেত্ৰত কৰ আৰোপ আৰু পঞ্চায়তৰ অনুমতি লোৱাৰ প্ৰশ্নই নুঠে ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিবৃতিটোত লগতে কোৱা হয় যে সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহনেৰে চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ৷ এইক্ষেত্ৰত নতুনকৈ কোনো পঞ্চায়তৰ অনুমোদন ব্যৱস্থা বা কৰ আৰোপৰ চিন্তা চৰকাৰে কৰা নাই ৷ এইদৰে মন্ত্ৰী ৰঞ্জিত দাসৰ কৰ সংগ্ৰহৰ পৰিকল্পনা বা কৰ আৰোপৰ সমৰ্থনত তেও দিয়া যুক্তি নস্যাৎ কৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷ অৰ্থাৎ মন্ত্ৰী ৰঞ্জিত দাসৰ যুক্তি চৰকাৰৰ মজিয়াত ২৪ ঘন্টাও নিটিকিল ৷

তাৰ পাছতো উত্থাপন হোৱা এটা প্ৰশ্ন হৈছে – মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমোদন নোহোৱাকৈ নতুন পঞ্চায়ত কৰ আৰোপ কৰিবলৈ লোৱা হৈছিল নেকি ? মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰখাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী – আমোলা শাস্তিৰ সন্মুখীন হ’ব নেকি ?

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.