ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা : কেতিয়া পূৰণ কৰিব প্ৰ- পত্ৰ ?

Share This Article

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷  ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ – ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব ৷ উল্লেখ্য যে , বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে নতুন মাৰ্কশ্বীট লাভ কৰিব ৷ বিশেষ মূল্যায়ন পদ্ধতিৰ জড়িয়তে প্ৰদান কৰা মাৰ্কশ্বীটসমূহ তেওলোকে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক জমা দিব লাগিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.