ছেমিফাইনেলৰ বাবে কেনেদৰে সাজু হৈছে অসম কন্যা লাভলীনা ?    

Share This Article

বক্সিঙৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি  পদক নিশ্চিত কৰাৰ পিছতে অলিম্পিকত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই।টকিঅ’ অলিম্পিকত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলিনা বৰগোহাঁইয়ে বুধবাৰে ছেমিফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ সুৰমেনেলীৰ বিৰুদ্ধে ৰিঙত নামিব।

ছেমিফাইনেলৰ প্ৰাকমুহূৰ্তত ২৩ বছৰীয়া লাভলীনাৰ ওপৰত  দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে ।  লাভলীনাৰ প্ৰস্তুতি সম্পৰ্কত ৰাষ্ট্ৰীয় প্ৰশিক্ষক মহম্মদ আলী কামাৰে কয় যে পৰৱৰ্তী খেল আবেলি সময়ত থকাৰ বাবে বিগত দুদিন ধৰি লাভলীনাই প্ৰতিদিনে আবেলি প্ৰশিক্ষণ লৈ আছে। ৰণনীতিৰ ক্ষেত্ৰত যিবোৰ জনাব লাগে সেয়া লাভলীনাক ইতিমধ্যেই জনোৱা হৈছে আৰু তেওঁ সম্পূৰ্ণ সাজু।

তুৰ্কীৰ বুছেনাজ সুৰমেনেলীৰ বিৰুদ্ধে লাভলীনা প্ৰথমবাৰৰ বাবে ৰিঙত নামিব যদিও লাভলীনাক লৈ  আত্মবিশ্বাসী প্ৰশিক্ষক মহম্মদ আলী কামাৰ। চাইনিজ টাইপেইৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নিন চিন চেনৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছতে নিজেও প্ৰৱল আত্মবিশ্বাসী হৈ পৰিছে বক্সাৰগৰাকী। এই সম্পৰ্কত লাভলীনাই কয় যে মেডেল মানেই গ’ল্ড ৷ গতিকে মোক প্ৰথম হবলৈ দিয়ক।

আনহাতে,  প্ৰাক্তন মিডল ৱেইট বক্সাৰ বুছেনাজ সুৰমেনেলীয়ে দাবী কৰিছে যে তেওঁ ২০১৫ চনতেই তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ টাইপ এৰ্দোগানক অলিম্পিক পদক আনি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তেওৰ মতে বৰগোহাঁই কোনো নৱাগত নহয় ৷ কাৰণ লাভলীনাৰ কেৰিয়াৰত আছে বিশ্ব চেম্পিয়নশ্বিপৰ দুটাকৈ ব্ৰঞ্জৰ পদক। অসম কন্যা লাভলীনাইও স্পষ্টভাৱে উল্লেখ কৰিছে যে মানসিক ব্যায়াম আৰু ধ্যানৰ দ্বাৰা তেও  অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ বাবে প্ৰয়োজনীয় আত্ম-বিশ্বাস অৰ্জন কৰিছে ৷

বুধবাৰে লাভলীনাই শক্তিশালী প্ৰতিদ্বন্দীৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হৈ  নিজৰ পদকৰ ৰং সলনি কৰিবলৈ চেষ্টা কৰিব। য’ত আত্মবিশ্বাসেই হব লাভলীনাৰ প্ৰথম অস্ত্ৰ। লাভলীনাৰ সফলতাৰ বাবে এতিয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে দেশবাসীয়ে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.