আত্মবিশ্বাসী লাভলীনা : ৰূপ নহয়, স্বৰ্ণ জয় কৰিব বিচাৰো

Share This Article

অলিম্পিকত পদক নিশ্চিত ৷ কিন্তু ক্ষান্ত হোৱা নাই লাভলীনা ৷ আজি কোৱাৰ্টাৰ ফাইনেলত টাইপেইৰ প্ৰতিদ্বন্দী চেন নিয়েনক ৪-১ ৰ ব্যৱধানত ধৰাশায়ী কৰাৰ পাছতে ব্ৰঞ্জৰ পদক নিশ্চিত হ’ল অসম কন্যাৰ ৷ কিন্তু ইয়াতেই থমকি ৰ’ব বিচৰা নাই লাভলীনা ৷ ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ পাছত লাভলীনাই ক’লে , “কোৱাৰ্টাৰ ফাইনেলত জিকি অত্যন্ত ভাল লাগিছে ৷ এইবাৰ ছেমিফাইনেলত বিজয়ী হোৱাটোৱে লক্ষ্য ৷ আৰু ভাল খেলাৰ চেষ্টা কৰিব ৷ দেশৰ হৈ স্বৰ্ণপদক জয় কৰাটোৱে হ’ব মূল লক্ষ্য ৷”

উল্লেখ্য যে ২০০৮ চনত বিজেন্দ্ৰ সিঙৰ হাতত ধৰি ভাৰতলৈ আহিছিল বক্সিঙৰ প্ৰথমটো পদক ৷ ২০১২ চনত ইতিহাসৰ পুণৰাবৃত্তি কৰিছিল মেৰী কমে ৷ এইবাৰ ২৩ বছৰীয়া লাভলীনাই ভাৰতলৈ কঢ়িয়াই আনিছে এই অক্ষয় কীৰ্তি ৷ সকলো ভাৰতীয়ৰ দৃষ্টি এতিয়া লাভলীনাৰ ওপৰত নিবদ্ধ ৷ স্বৰ্ণজয় কৰিবলৈ নিজেও আত্মবিশ্বাসী হৈ আছে লাভলীনা বৰগোহাঁই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.