এপিএছচিয়ে আকৌ মেধাবী প্ৰাৰ্থীৰ লগত হেতালি খেলিবলৈ ওলাইছে নেকি ?

Share This Article

ৰাজ্যত কোভিডৰ সংক্ৰমণ মুঠেও হ্ৰাস পোৱা নাই ৷ যাৰ বাবে বাতিল কৰিবলগীয়া হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ কিন্তু এনে বিভীষিকাময় পৰিৱেশৰ মাজতে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলৈ লৈছে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা ৷ আয়োগৰ এখন জাননীত অহা আগষ্ট মাহৰ দ্বিতীয় ভাগত পৰীক্ষা অনুষ্ঠিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰা হৈছে ৷ ইয়াৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্তসকলক পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে ৷ এই জাননী প্ৰকাশৰ লগে লগে হাহাকাৰ লাগিছিল লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ৭৬ সহস্ৰাধিক পৰীক্ষাৰ্থীৰ মাজত ৷ তাৰ মাজতে শুকুৰবাৰে লোকসেৱা আয়োগে প্ৰকাশ কৰা আন এখন জাননীয়ে প্ৰতিগৰাকী প্ৰাৰ্থীক দু:শ্চিন্তাত পেলাইছে ৷ কিয়নো নতুন জাননীখনত কোৱা হৈছে যে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে পৰীক্ষা বা সাক্ষাৎকাৰৰ তিনিদিন পূৰ্বে আৰ টি – পি চি আৰ টেষ্ট কৰিব লাগিব ৷ কোভিড ৰিপোৰ্ট নিগেটিভ অহা প্ৰাৰ্থীসকলেহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ এই জাননী লাভ কৰাৰ পাছত প্ৰাৰ্থীসকল দু:শ্চিন্তাত ভোগাটো স্বাভাবিক ৷ কিয়নো , অসমত প্ৰতিদিনে সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত্ হৈ আছে ৷ তাৰ মাজত কেনেবাকৈ যদি কোনোবা প্ৰাৰ্থী সংক্ৰমিত হয় , তেনেহ’লে তেওৰ বছৰ বছৰযোৰা পৰিশ্ৰম অথলে যোৱাটো নিশ্চিত ৷ সেইবাবেই লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে প্ৰশ্ন কৰিছে –কিয় অসম লোকসেৱা আয়োগে ৰাজ্যত কোভিডৰ সংক্ৰমণ হ্ৰাস হোৱালৈ অপেক্ষা কৰিব নোৱাৰে ? নে চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ মেধাবী প্ৰাৰ্থীক লৈ আকৌ এবাৰ হেতালি খেলা হ’ব ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.