কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ?

Share This Article

আজি ঘোষণা হ’ব নেকি – অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম ? শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে এই প্ৰশ্নৰে ৷ শেহতীয়া লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত  সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই ৷ সেই সময়ত তেওৰ পদত্যাগ পত্ৰ কেন্দ্ৰীয় নেতৃত্বই গ্ৰহণ কৰা নাছিল ৷ কিন্তু নিৰ্বাচনৰ পাছতো দলটোত অব্যাহত আছে খহনীয়া ৷ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ প্ৰকাশ কৰি ইতিমধ্যে দল ত্যাগ কৰিছে মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ আনহাতে ,থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়েও কংগ্ৰেছ এৰি বিজেপিত যোগ দিব বুলি সৰৱ চৰ্চা চলিছে ৷ এনে পৰিস্থিতিত দলৰ এই বিপৰ্যয় ৰোধ কৰিবলৈ অসমত নতুন সভাপতি শীঘ্ৰে নিযুক্তি দিয়াটো অতি জৰুৰী হৈ পৰিছে ৷ দলটোৰ শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি শুকুৰবাৰেই অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ এইক্ষেত্ৰত চৰ্চাত আছে দুটা নাম – প্ৰদ্যুত বৰদলৈ আৰু ভূপেন বৰা ৷ তেওলোকৰ মাজৰ এজনেই অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী নেতৃত্ব বহন কৰিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.