দুই ঘন্টাত পাঠ কৰা বাজেটত কি আছে- জানক দুই মিনিটত

Share This Article

কি আছে অজন্তা নেওগৰ বাজেটত?কি কি নতুন ঘোষণা আগবঢ়োৱা হল অজন্তা নেওগৰ বাজেটত৷দুই ঘন্টাত পাঠ কৰা বাজেটৰ সাৰাংশ পঢ়ক দুই মিনিটত৷

১.এহেজাৰ টকালৈ বৃদ্ধি অৰুনোদয় আঁচনিৰ ধন ৷

২. চৰকাৰী শিক্ষানুষ্ঠানৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্মাৰ্ট ফোন ৷

৩. ১০০০ টা উপ- স্বাস্থ্য কেন্দ্ৰক হস্পিতাললৈ ৰূপান্তৰ ৷

৪. তামুলপুৰত নতুন জিলা  ৷

৫. গোলাঘাট,ধেমাজি,মৰিগাওঁ, বঙাইগাওঁ,তামুলপুৰত ৫ খন নতুন চিকিৎসা মহাবিদ্যালয় ৷

৬. কাৰ্বি  আলঙত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন ৷

৭. ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা ৷

৮. শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষন ৷

৯. বঙাইগাওঁ,বিহালী আৰু শুৱালকুছিত নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় ৷

১০. হাজো,মাজুলী,টিংখঙত নতুন পলিটেকনিক ৷

১১.  প্ৰৱৰ্তন কৰা হ’ব এক ৰাষ্ট্ৰ,এক ৰেচন কাৰ্ড ৷

১২ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ১০ হেজাৰ টকাৰ এককালীন সাহায্য ৷

১৩.চাকৰি পাব এক লাখ নিবনুৱাই৷

ক’ত কিমান পদ খালী হৈ আছে-

শিক্ষা বিভাগত ২৮,১৬২

গৃহ আৰু ৰাজনৈতিক ১৮,০৯৬

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৯৩৫৩

শক্তি ৫৭৬৯

বন আৰু পৰিবেশ ১৩৭৯

বিত্ত ৯২২

কৃষি ৬৮৭

ক্ৰীয়া আৰু যুৱকল্যাণ ৬৭৬

সাংস্কৃতিক পৰিক্ৰমা ৫৬১

জনস্বাস্ব্য কাৰিকৰী ৫২৬

সমাজ কল্যাণ ৪৭০

জলসম্পদ ১৮৭

পৰ্যটন ১৪৪

তথ্য আৰু জনসংযোগ বিভাগত খালি হৈ আছে ১০৭ টা পদ৷

১৪. বানপানী ৰোধৰ বাবে নিৰ্মান কৰা হ’ব ১০০০ কিমি মথাউৰি ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.