কিয় গোপন কৰা হৈছে কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা তৈল ক্ষেত্ৰৰ তথ্য?

Share This Article

কাছাৰ কাগজ কল বিক্ৰীৰ আঁৰৰ বৃহৎ মুনুফা লুটাৰ অভিসন্ধি উন্মোচিত হৈছে৷কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা তিনিটাকৈ তৈল ভাণ্ডাৰৰ তথ্য গোপন কৰি ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগত মালিকৰ হাতত নগণ্য টকাত গতাই দিয়াৰ পৰিকল্পনা কৰা হৈছে৷শেহতিয়াকৈ লিকুইডেটৰ কুলদ্বীপ বার্মাই কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ নীলামৰ বাবে জাননী জাৰি কৰিছে৷দুয়োটা কাগজ কলতে নিয়োজিত হৈ নথকা হাজাৰৰো অধিক কর্মচাৰী আৰু কর্মছাৰী পৰিয়ালৰ প্ৰতিবাদক নেওচি কাগজ কল দুটাৰ বিক্ৰীৰ চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ইতিমধ্যে মাহ মাহ ধৰি বেতনৰ পৰা বঞ্চিত কাগজ কল দুটাৰ বহুকেইজন কর্মচাৰীয়ে ভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ ওপৰিও বহুকেইজন কর্মচাৰীয়ে আত্মহত্যাৰ পথ বাচি লৈছে৷হাজাৰৰো অধিক কর্মচাৰীৰ দাবী-প্ৰতিবাদ নেওচি কাগজ কল দুটা বিক্ৰীৰ বাবে টেণ্ডাৰ আহ্বান কৰাৰ পিছত,এতিয়া মুকলি হৈছে বিক্ৰীৰ আঁৰত লুকাই থকা আন এটা বৃহৎ ষড়যন্ত্ৰৰ তথ্য৷

কাছাৰ কাগজ কলৰ ভূ গর্ভত আছে তৈল ভাণ্ডাৰ৷কাগজ কলটোৰ টাউনশ্বিপ এলেকাৰ ভূ-গর্ভত আছে তিনিটাকৈ বিশাল তৈল ভাণ্ডাৰ৷অ’ এন জি চিয়ে চিনাক্ত কৰিছিল এই তিনিটা তৈল ক্ষেত্ৰ৷অ’ এন জি চি আৰু হিন্দুস্তান পেপাৰ কর্পোৰেচনৰ মাজত সম্পন্ন হৈ আছে এই তিনিটা তৈল ভাণ্ডাৰৰ লীজৰ চুক্তি৷দুটা ভাণ্ডাৰ অ’ এন জি চিয়ে ছীল্ড কৰি ৰখাৰ বিপৰীতে তৃতীয়টোত কাগজ কলটো বন্ধ হোৱাৰ আগলৈকে অব্যাহত আছিল তেল উৎপাদন প্ৰক্ৰিয়া৷কিন্তু কাগজ কলটোৰ ভূমিত থকা এই তিনিটা তৈল ভাণ্ডাৰৰ তথ্য আৰু অ’ এন জি চিৰে সম্পন্ন হৈ থকা চুক্তিৰ প্ৰসংগ উল্লেখ নাই কাগজ কল নীলামৰ জাননী অথবা নিবিদাত৷নীতিগত ভাবে নীলামৰ জাননীত কাগজ কলটোৰ ভূ-গর্ভত থকা প্ৰাকৃতিক তেল আৰু প্ৰাকৃতিক গেছৰ পৰিমাণ,ইয়াৰ মূল্য,তৈল ভাণ্ডাৰৰ ভূমিৰ মুল্য,এনে ভূমিৰ মূল্য  নির্র্ধৰণৰ পদ্ধতি,অ’ এন জি চিৰ সৈতে থকা চুক্তিৰ কথা বাধ্যতামূলকভাবে উল্লেখ থাকিব লাগিছিল৷কিন্তু লিকুইডেটৰ কুলদ্বীপ বার্মাই এই সবিশেষ বিষয় আঁতৰাই ৰাখিলে নীলামৰ জাননীৰ পৰা৷অর্থাৎ কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা বিশাল প্ৰাকৃতিক সম্পত্তিৰ মূল্যক সংযোজন নকৰাকৈয়ে কৈয়ে ধার্য কৰা হল কাগজ কলটোৰ মূল্য৷এই বিশাল মূল্যৰ অবিহনেই কাগজ কলটো গতাই দিয়াৰ পৰিকল্পনা কৰা হল ব্যক্তিগত প্ৰতিষ্ঠানক৷

উল্লেখযোগ্য যে, কাগজ কলটোৰ নীলামৰ পূর্বৰ সময়খিনিতো বিভিন্ন পর্যায়ত হ্ৰাস কৰি অহা হৈছিল বিক্ৰী মূল্য৷প্ৰথমে ধার্য কৰা ১১৩৯ কোটিৰ টকাৰ পৰা পৰবর্তী সময়ত হ্ৰাস কৰা হৈছিল ৯৬৯ কোটি টকালৈ৷সেই সন্দর্ভত এইদৰে কয় কাগজ কল দুটাৰ যুটীয়া কর্মচাৰী পৰিষদে৷

অন্যহাতে নীলামৰ জাননীৰ পৰা তৈল ভাণ্ডাৰৰ তথ্য গোপন কৰাৰ সন্দর্ভত সৰৱ হৈ উঠিছে কর্মচাৰী পৰিষদ৷এই সন্দর্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে চিবিআই আৰু কেন্দ্ৰীয় তদাৰকী আয়োগলৈ৷

কাছাৰ কাগজ কল বিক্ৰীৰ প্ৰক্ৰিয়াটোত লুকাই থকা গভীৰ ষড়যন্ত্ৰ এতিয়া এইদৰেই পোহৰলৈ আহিছে৷কাগজ কলৰ তলত লুকাই থকা বিশাল ৰাজহুৱা সম্পত্তি গোপন কৰাৰ আঁৰত কোনোবা পক্ষৰ বৃহৎ মুনাফা লাভৰ পৰিকল্পনা থকাৰ সন্দেহ পৰিস্ফুট হৈ উঠিছে৷এই সমগ্ৰ বিষয়টোত এতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কিদৰে হস্তক্ষেপ কৰে,সেয়া হব লক্ষণী্য়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.