Investigative reporting with dedication.

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে দিহিং পাটকাই অভ্যাৰণ্যই। ৰাজ্যপালৰ অনুমোদনৰ পাছতেই লাভ কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। বিগত মে মাহত অবৈধ কয়লা খননৰ বাবে দিহিং পাটকাই বিশেষ চৰ্চালৈ আহিছিল। তাৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছিল। আৰু অৱশেষত দিহিং পাটকায়ে লাভ কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। ইয়াৰ ফলত অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬ খনলৈ বৃদ্ধি পালে। বৰ্তমান দিহিং পাটকাইৰ মুঠ মাটিকালি ৫৭৫ বৰ্গ কি:মি।




