Investigative reporting with dedication.

সমগ্ৰ দেশবাসীৰ এতিয়া পৰিচিত নাম বাঘজান। যি বাঘজান প্ৰায় ৭৬ দিন ধৰি অগ্নিকুণ্ডত পৰিণত হৈ আছে। যাৰ ফলত নিঃশেষ হৈ গ’ল বাঘজানবাসীৰ সপোনৰ ঘৰখন। তেনে সময়তে বাঘজানবাসীৰ বাবে সামান্য সকাহ । প্ৰায় ডেৰমাহ ধৰি অগ্নিকুণ্ডত পৰিণত হৈ থকা বাঘজানত স্থাপন কৰা হ’ল ব্লু আউট প্ৰিভেণ্টৰ। জুই নিৰ্বাপনৰ বাবে অইল ইণ্ডিয়া কৰ্তৃপক্ষই চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ জুই জ্বলিয়েই আছে সেইস্থানত। তাৰ মাজতে জুই আৰু গেছচাপ নিয়ন্ত্ৰনলৈ অনাৰ দিশে এখোজ আগবাঢ়িছে অইল ইণ্ডিয়া কৰ্তৃপক্ষ। চিংগাপুৰৰ পৰা অনা হৈছিল ৬ জনীয়া বিশেষজ্ঞৰ দল। তাৰে ভিতৰত ৪ গৰাকী বিশেষজ্ঞ উভতি গৈছে চিংগাপুৰলৈ। আৰু বৰ্তমানে ২ গৰাকী বিশেষজ্ঞই চলাই আছে কামকাজ।




