দিল্লীয়ে পাৰিলে অসমে নোৱাৰিব কিয়?

Share This Article

দিল্লী চৰকাৰৰ কৰোনা নিয়ন্ত্ৰণৰ মডেলে সমগ্ৰ বিশ্ব জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।যোৱা এমাহত দিল্লীত হ’ম আইচ’লেচনতে আৰোগ্য হৈছে প্ৰায় ১০ হাজাৰ কৰোনা আক্ৰান্ত। বাতৰিটো টুইট কৰি দিল্লীৰ মুখ্য মন্ত্ৰীয়ে লিখিছে- “দিল্লী মডেল”।

জানিব পৰা মতে দিল্লীত মুঠ কৰোনা আক্ৰান্তৰ ৫০% ৰ চিকিৎসা হ’ম আইচ’লেচনৰ যোগেদি কৰি থকা হৈছে।

উল্লেখযোগ্যযে দিল্লীত ২ জুলাই পৰ্যন্ত হ’ম এইচ’লেচনত থকা ৰোগীৰ সংখ্যা আছিল প্ৰায় ১৬১২৯ জন। এই সংখ্যা বৰ্তমান কমি গৈ হৈছেগৈ ৫৫৭৭জন। অৰ্থাৎ হ’ম আইচ’লেচনৰ যোগেদি এক মাহত দিল্লী চৰকাৰে আৰোগ্য কৰিলে প্ৰায় ১০৫৫২ জন লোক। দিল্লীত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যাও ব্যাপক ৰূপত কম হৈ হৈছেগৈ ১০২০৭ জন।

অন্যহাতেদি, অসমত এতিয়াও সক্ৰিয় কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৪৪২৯ জন। কিন্তু কিয় অসম চৰকাৰৰ হ’ম আইচ’লেচনৰ প্ৰতি আগ্ৰহী নহয়?

একে নীতিৰ যোগেদি যদি দিল্লীয়ে কৰোনা নিয়ন্ত্ৰণত সফলতা লাভ কৰিব পাৰে, অসম চৰকাৰ কিয় অসমটো একেই নীতিৰ প্ৰযোজ্য নকৰে?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.