বাঘজানৰ জুই নুমোৱাত পুনৰ ব্যৰ্থ অইল ইণ্ডিয়া

Share This Article

যোৱা দুই মাহ ধৰি জ্বলি থকা বাঘজানৰ জুই নিয়ন্ত্ৰণ কৰাৰ এক প্ৰচেষ্টাত পুনৰ বিফল হৈছে অইল ইণ্ডিয়া।

জানিব পৰা মতে, যোৱা শুক্ৰবাৰে অভিযন্তা সকলে গেছ নিৰ্গত হৈ থকা তেলৰ খাদৰ সমুখ ভাগত Blowout Preventer (BOP) নামৰ এটা যন্ত্ৰ লগোৱাৰ চেষ্টা কৰি থকাৰ সময়তে অভিযানত ব্যৱহাৰ কৰি থকা Athey Wagon নামৰ বাহন খন বাগৰি পৰে। যাৰ ফলত বাঘজানৰ জুই নুমোৱাৰ এই প্ৰচেষ্টা ব্যৰ্থ হয়।

অইল ইণ্ডিয়াৰ সূত্ৰ মতে, BOP নামৰ এই যন্ত্ৰটো জুই নিৰ্গত হৈ থকা খাদৰ সমুখ ভাগত স্থাপন কৰি খাদটো স্থায়ী ভাবে বন্ধ কৰিব পৰা যায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.