WHOৰ নিয়ম উলংঘাকাৰী কোম্পানীৰ পৰা কেঞ্চাৰৰ দৰৱ ক্ৰয় অসম চৰকাৰৰ

Share This Article

WHOৰ নিয়ম উলংঘাকাৰী কোম্পানীৰ পৰা কেঞ্চাৰৰ দৰৱ ক্ৰয় অসম চৰকাৰৰ, চি বি আইৰ জালত পৰা কোম্পানীৰ পৰা ক্ৰয় মধুমেহ ৰোগৰ দৰৱ। চকু-কাণ বন্ধ কৰি ব্লেকলিষ্টেড কোম্পানীৰ ঔষধ কিনিছে অসম চৰকাৰে

ভাৰত চৰকাৰে নিষিদ্ধ কৰা কোম্পানীৰ দৰৱ চৰকাৰী চিকিৎসালয়ত বিতৰণ কৰিছে অসম চৰকাৰে৷ জনস্বাস্থ্যক লৈ চলা এই চৰম হেতালিৰ ঘটনা প্ৰকাশ পোৱাৰ পাছতো গা ল’ৰা নাই অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ। নীৰৱ-নিৰ্বিকাৰ দৰৱ ক্ৰয়ৰ দায়িত্বত থকা অসম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন৷ উত্তৰ নাই অসম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচনৰ পৰিচালন সঞ্চালক ডা: লক্ষ্মণণ এছৰ হাততো৷ এইদৰেই অশোক সিংহাল–লক্ষ্মণণ যুটীয়ে গাপ দিব বিচাৰিছে অসম চৰকাৰ স্বাস্থ্য বিভাগত সংঘটিত এক ভয়াৱহ ঘটনা৷ 

পূৰ্বৰ প্ৰতিবেদনত আমি উল্লেখ কৰিছিলো যে ৰাজস্থানৰ প্ৰসূতি মৃত্যুৰ বাবে দায়ী ঔষধ কোম্পানীয়ে অসম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচনৰ যোগেদি বৃক্ক সংৰোপণৰ ৰোগীক যোগান ধৰি আছে টেক্ৰ’লিমাছ নামৰ এবিধ ঔষধ। এই প্ৰতিবেদন প্ৰকাশৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। কিয় আন ৰাজ্যৰ ব্লেকলিষ্টেড কোম্পানীৰ ঔষধ অসম চৰকাৰে ক্ৰয় কৰি আছে তাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। এইবাৰ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত পুনৰ পোহৰলৈ আহিছে আন কেতবোৰ উদ্বেগজনক তথ্য। কেৱল বৃক্ক সংৰোপনৰ ৰোগীকেই নহয়, মধুমেহ আৰু কেন্সাৰ ৰোগৰ ঔষধো অসম চৰকাৰক যোগান ধৰি আছে ঔষধ প্ৰস্তুতৰ সময়ত নীতি-নিয়ম নমনা কোম্পানীয়ে। ইয়াৰ ভিতৰত আছে বায়’কন বায়’লজিক্স আৰু জিএলএছ ফাৰ্মা।

বায়’কন বায়’লজিক্সে মধুমেহ ৰোগীৰ বাবে ঔষধ প্ৰস্তুত কৰে। এই বায়’কন বায়’লজিকেছৰ বিৰুদ্ধে তেওঁলোকৰ এটা ইনজেকচনৰ ক্লিনিকেল ট্ৰায়েল অবিহনে অনুমোদন লাভৰ বাবে কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থা চমুকৈ CDSCOৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। CDSCOৰ বিষয়াক উত্কোচ দি গ্ৰেপ্তাৰ হৈছিল বায়’কন বায়’লজিক্সৰ এছ’চিয়েট ভাইছ প্ৰেচিডেণ্ট এল প্ৰবীণ কুমাৰ আৰু জইণ্ট ড্ৰাগ কণ্ট্ৰলাৰ এছ ঈশ্বৰা ৰেড্ডী। চিবিআয়ে ২০২২ চনৰ জুন মাহৰ শেষৰ ফালে গ্ৰেপ্তাৰ কৰিছিল এই ঘটনাৰ সৈতে জড়িত ১০ৰো অধিক ব্যক্তিক। টাইপ এ আৰু টাইট টু ডায়েবেটিছ ৰোগীৰ বাবে প্ৰস্তুত কৰি উলিওৱা ইনচুলিন এছপাৰ্ট নামৰ ইনজেকচনৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন নকৰাকৈ অনুমোদন লাভৰ বাবে দিছিল উত্কোচ। অৱশ্যে এই অভিযোগ কোম্পানীটোৱে অস্বীকাৰ কৰিছিল।

কেৱল এয়াই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসন চমুকৈ USFDAএ ফাৰ্মা কোম্পানীবোৰৰ ঔষধ প্ৰস্তুত কৰা ঠাইত সময়ে সময়ে পৰিদৰ্শন কৰে। এনে পৰিদৰ্শনৰ সময়ত কেইবাবাৰো USFDAৰ সকীয়নিৰ সন্মুখীন হ’বলগীয়া হৈছে বায়’কন বায়’লজিক্স। ২০২২ চনৰ ১১ আগষ্টত আৰু ২০১৮ চনৰ ২৩ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কোম্পানীটোৰ বাংগালুৰুত থকা উত্পাদন কেন্দ্ৰৰ পৰিদৰ্শনত উৎপাদন প্ৰক্ৰিয়াৰ তদাৰকীত আসোঁৱাহ, পৰীক্ষাগাৰৰ পৰীক্ষণ পদ্ধতিৰ ত্ৰুটি,  বীজাণুমুক্তকৰণ (sterilization) প্ৰক্ৰিয়াৰ সঠিক পালন নোহোৱা আদি বিসংগতি ধৰা পৰিছিল। 

২০১৭ চনতো একেটা উত্পাদন কেন্দ্ৰই ফৰ্ম ৪৮৩ লাভ কৰিছিল য’ত এনে বিসংগতিবোৰ আঙুলিয়াই দিয়া হৈছিল। কেৱল USFDAএই নহয়, ২০১৭ চনত ফৰেন্স নেচনেল এজেন্সী ফৰ মেডিচিন্স এণ্ড হেল্থ প্ৰডাক্টছ চেফটিৰ নিয়ম-উলংঘাৰ বাবেও চৰ্চিত হৈ পৰিছিল। 

আনফালে জিএলএছ ফাৰ্মা নামৰ কোম্পানীটোৱে কেন্সাৰ ৰোগীৰ বাবে কেম’থেৰাপী ঔষধ প্ৰস্তুত কৰে। বিশ্ব স্বাস্থ্য সংস্থাই বাধ্যতামূলকভাৱে নিৰ্ধাৰণ কৰি দিয়া জি এম পি অৰ্থাত্ গুড মেনুফেক্সাৰিং প্ৰেক্ৰিছ নিয়ম উলংঘা কৰাৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত নেপালে জিএছএল ফাৰ্মাৰ পৰা ঔষধ ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰিছিল। 

বিগত বৰ্ষত ব্যুৰো অৱ ইনভেষ্টিগেটিভ জাৰ্নেলিজম (TBIJ)ৰ এক অনুসন্ধানত পোহৰলৈ আহিছিল যে সমগ্ৰ বিশ্বতে ব্যৱহৃত কৰ্কট ৰোগৰ গুৰুত্বপূৰ্ণ কেম’থেৰাপী ঔষধসমূহ মানদণ্ড পৰীক্ষাত অনুত্তীৰ্ণ হৈছে। ইয়াৰ ফলত ১০০ তকৈও অধিক দেশৰ কৰ্কট ৰোগী ফলপ্ৰসূ নোহোৱা চিকিৎসা আৰু মাৰাত্মক পাৰ্শ্বক্ৰিয়াৰ আশংকাত ভুগিবলগীয়া হৈছে।

পৰীক্ষাত অনুত্তীৰ্ণ হোৱা এই ঔষধসমূহ স্তন, ডিম্বাশয় আৰু লিউকেমিয়া আদিকে ধৰি বহুতো সাধাৰণ কৰ্কট ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ঔষধ। কিছুমান ঔষধত মূল উপাদান ইমান কম পৰিমাণে পোৱা গৈছিল যে চিকিত্সা বিশেষজ্ঞৰ মতে সেইবোৰ ৰোগীক দিয়া আৰু নিদিয়া একেই কথা। আনহাতে, আন কিছুমান ঔষধত সক্ৰিয় উপাদানৰ পৰিমাণ অত্যাধিক আছিল, যিয়ে ৰোগীৰ গুৰুতৰ অংগ ক্ষতিগ্ৰস্ত কৰা বা আনকি মৃত্যু পৰ্যন্ত মাতি আনিব পাৰে।

এই ঔষধসমূহে আশানুৰূপ কাম কৰা নাই, যাৰ ফলত ৰোগীসকল হঠাৎ চিকিৎসাৰ প্ৰতি সঁহাৰিহীন হৈ পৰিছে। আন কিছুমান ৰোগীয়ে ইমান বিষাক্ত পাৰ্শ্বক্ৰিয়াত ভুগিবলগীয়া হৈছে যে তেওঁলোকে ঔষধটো গ্ৰহণ কৰিব নোৱাৰা অৱস্থা হৈছে। আনকি একেটা ব্লীষ্টাৰ পেকৰ (blister pack) টেবলেটসমূহৰ মাজতো সক্ৰিয় উপাদানৰ পৰিমাণৰ ব্যাপক তাৰতম্য দেখা গৈছে।

ইণ্ডিয়ানাৰ ইউনিভাৰ্চিটি অৱ নটৰ ডেম (University of Notre Dame)-ৰ গৱেষকসকলে কেমেৰুণ, ইথিঅ’পিয়া, কেনিয়া আৰু মালাৱীৰ সহযোগীসকলৰ সৈতে মিলি বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অতীব জৰুৰী বুলি চিহ্নিত কৰা ৭ প্ৰকাৰৰ কৰ্কট ৰোগৰ ঔষধৰ নমুনা পৰীক্ষা কৰিছিল। এইসমূহ আছিল: চিস্প্লেটিন (cisplatin), চাইক্ল’ফচফামাইড (cyclophosphamide), ডক্স’ৰুবিচিন (doxorubicin), ইফচফামাইড (ifosfamide), লিউক’ভ’ৰিন (leucovorin), মেথ’ট্ৰেক্সেট (methotrexate) আৰু অক্সালিপ্লেটিন (oxaliplatin)। ম্যাদ থকা ১৮৯ টা নমুনাৰ ভিতৰত প্ৰায় এক পঞ্চমাংশই পৰীক্ষাত অনুত্তীৰ্ণ হয়। ইয়াত ১৭ টা নিৰ্মাতা কোম্পানীৰ ২০ টা বিভিন্ন ব্ৰেণ্ডৰ জেনেৰিক ঔষধ অন্তৰ্ভুক্ত আছিল। অসম চৰকাৰক কেন্সাৰৰ ঔষধ বিক্ৰী কৰা জিএলএছ ফাৰ্মা নামৰ এই কোম্পানীটোৱেও তেওঁলোকৰ নিম্নমানৰ ঔষধ ৪০খন দেশলৈ প্ৰেৰণ কৰাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে এবাৰ-দুবাৰ নহয়, কেইবাবাৰো অসম চৰকাৰক মধুমেহ আৰু কেন্সাৰ ৰোগৰ ঔষধ যোগান ধৰা বায়’কন বায়’লজিক্স আৰু জিএলএছ ফাৰ্মাই নিয়ম উলংঘা কৰি চৰ্চিত হৈ পৰিছে। নিষেধাজ্ঞা বা ব্লেক লিষ্টেড হৈছে নেপালৰ দৰে দেশত। তেনে কোম্পানীৰ পৰাই নানা ঔষধ এতিয়া চকু-কাণ বন্ধ কৰি ক্ৰয় কৰি আছে অসম মেডিকেল চাৰ্ভিছেচ কৰ্পোৰেচন লিমিটেডে। অসমৰ চৰকাৰী চিকিত্সালয়ত ৰোগীক বিতৰণ কৰিবলৈ অসম চৰকাৰৰ হৈ ঔষধ ক্ৰয় কৰে অসম মেডিকেল চাৰ্ভিছ কৰ্পোৰেচন চমুকৈ AMSCLএ। ঔষধ নিৰ্মাতা ফাৰ্মা কোম্পানীবোৰে AMSCL এ আহ্বান কৰা নিবিদাত অংশগ্ৰহণ কৰি নিৰ্বাচিত হ’লে ঔষধ যোগান ধৰে। বৰ্তমান অসম চৰকাৰৰ এই সংস্থাটোৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে আইএএছ বিষয়া ডাঃ লক্ষ্মণন এছ। ক্ৰয়-বিক্ৰয় বিভাগৰ মহা প্ৰৱন্ধকৰ দায়িত্বত আছে অনিৰ্বান তালুকদাৰ। এটা বিয়াগোম পদ্ধতিৰ মাজেৰে পৰিচালিত হোৱা এই কাৰ্যালয়টোৱে কিন্তু ঔষধ ক্ৰয়ৰ সময়ত বন্ধ ৰাখে চকু-কাণ। যাৰ বাবে অসমৰ চৰকাৰী চিকিত্সালয়ত সুলভ হৈ পৰিছে ঔষধ প্ৰস্তুতৰ নিয়ম উলংঘাৰ অভিযোগত অভিযুক্ত কোম্পানীৰ ঔষধ।

যাৰ বাবে প্ৰশ্ন উঠিছে, সাধাৰণ ৰাইজক গিনিপিগ সজাই কৰি পৰীক্ষাগাৰত পৰিণত কৰিব খোজা হৈছে নেকি ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডক?

Share This Article
Arindom Buragohain
Arindom Buragohain

অৰিন্দম বুঢ়াগোহাঁই 'দ্য ক্ৰছকাৰেণ্ট'ৰ এগৰাকী অভিজ্ঞতা সম্পন্ন সাংবাদিক।