আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন

Share This Article

তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট।

মোদী চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা এই নতুন আইনত সন্নিৱিষ্ট কৰা হৈছে এটা বিশেষ দফা৷ ডাটা প্ৰটেকশ্যন এক্টৰ ৪৪(৩) অনুচ্ছেদত অনুসৰি আৰ টি আই আইন সংশোধন কৰাৰ বাট মুকলি কৰা হৈছে৷

এই সংশোধনীৰ জৰিয়তে আৰ টি আইৰ অধীনত যিকোনো ব্যক্তিৰ ব্যক্তিগত তথ্য প্ৰদানৰ পথ বন্ধ কৰি দিয়া হ’ব৷ পূৰ্বে আৰ টি আই আইন অনুসৰি, ৰাজহুৱা বিষয়ৰ সৈতে জড়িত নোহোৱা তথ্য প্ৰদানতহে বাধা প্ৰদান কৰা হৈছিল৷ অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইনে ৰাজহুৱা বিষয়ৰ সৈতে জড়িত বিষয়ত যিকোনো ব্যক্তিৰ তথ্য প্ৰদানৰ অনুমতি প্ৰদান কৰিছিল৷ কিন্তু নতুন ডাটা প্ৰটেকশ্যন আইন অনুসৰি, তথ্যৰ সুৰক্ষাৰ নামত সকলো ধৰণৰ ব্যক্তিগত তথ্য প্ৰদানত বাধা প্ৰদান কৰা হ’ব৷ উদাহৰণ স্বৰূপে কোনো মন্ত্ৰী বা বিষয়াৰ পৰিয়ালে যদি কোনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে, কোনোবা যদি নিম্নমানৰ কাম কৰা ঠিকাদাৰে বাৰম্বাৰ চৰকাৰী ঠিকাও লাভ কৰিছে, তেনে তথ্য এতিয়াৰ পৰা প্ৰদান নকৰাৰ কৌশল হাতত লোৱা হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্টৰ জৰিয়তে৷ ইয়াৰ বিৰুদ্ধে একগোট হৈছে সকলো বিৰোধী দল৷ কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলেই কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ পত্ৰ লিখি তথ্য প্ৰযুক্তি আইনৰ ৪৪(৩) অনুচ্ছেদ বাতিলৰ আহ্বান জনাইছে৷ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিৰোধী উপ দলপতি গৌৰৱ গগৈৰ মন্তব্য এই আইনে সাধাৰণ নাগৰিক আৰু সংবাদ মাধ্যমৰ তথ্য জনাৰ অধিকাৰ নোহোৱা কৰিব৷ ঠিক একেদৰে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ আশংকা – অনুসন্ধানমূলক সাংবাদিকতা বন্ধ কৰাৰ কৌশল লৈছে মোদী চৰকাৰে৷

তথ্যৰ অধিকাৰক নি:শেষ কৰিবলৈ লোৱা মোদী চৰকাৰৰ এই কৌশলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে দেশৰ আটাইবোৰ বিৰোধী দল৷ কিন্তু বিৰোধীৰ এই দাবীয়ে মান্যতা পাবনে? তথ্য জনাৰ অধিকাৰ মোদী চৰকাৰৰ আমোলত সুৰক্ষিত হৈ থাকিবনে? সেয়া হৈ পৰিছে আজিৰ দিনটোৰ এটা লাখটকীয়া প্ৰশ্ন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.