সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?

Share This Article

মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব ১০,৬০১ কোটি টকা ৷

https://x.com/himantabiswa/status/1902329524383097002

স্বাভাৱিকতে মোদী চৰকাৰৰ এই সিদ্ধান্তই হাঁহি বিৰিঙাইছে নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলৰ মাজত৷ অসম চৰকাৰেও প্ৰধানমন্ত্ৰীক ভুৰি ভুৰি প্ৰশংসা কৰিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে এই প্ৰকল্প অসমৰ বাবে হ’ব গেম চেঞ্জাৰ৷
https://x.com/himantabiswa/status/1902329524383097002

কিন্তু প্ৰশ্ন হৈছে – মোদী কেবিনেটৰ এয়া নতুন সিদ্ধান্তনে? নে নতুন বটলত পুৰণি পদৰ দৰেই এক আভুৱা ভাৰা ঘটনা এয়া? এই ৰহস্য উদ্ঘাটন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা উত্তৰ বিচাৰিছে সাংসদ গৌৰৱ গগৈয়ে৷ এক্সত যোৰহাটৰ সাংসদ তথা লোকসভাৰ উপ দলপতিগৰাকীয়ে শ্বেয়াৰ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক সাৰ বিভাগৰ অষ্টাদশ ৰিপ’ৰ্ট৷ এই প্ৰতিবেদনৰ ৩২ সংখ্যক পৃষ্ঠাত স্পষ্টভাষাৰে উল্লেখ কৰা হৈছে যে ২০১৫ৰ ২১ মে’ৰ কেবিনেটত অনুমোদন দিয়া হৈছিল সাৰ কাৰখানাৰ চতুৰ্থ গোট। সেই অনুসৰি নামৰূপ সাৰ কাৰখানাত উৎপাদন হ’ব ৮.৬৪ লাখ মেট্ৰিক টন ইউৰিয়া। এই প্ৰতিবেদনতেই এইবুলিও উল্লেখ কৰা হৈছিল যে ২০১৫ চনৰ ২১ মে’ত অনুষ্ঠিত কেবিনেটত নামৰূপত থকা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ চৌহদতেই ৮.৬৪৬ লাখ মেট্ৰিকটন এম’নিয়া–ইউৰিয়া উৎপাদনক্ষম চতুৰ্থটো গোট স্থাপনত অনুমোদন দিয়া হয়৷ আনকি শেহতীয়া প্ৰযুক্তি অনুসাৰে প্ৰকল্প স্থাপনৰ বাবে বিদেশী বিনিয়োগকাৰীৰ পৰাও নিবিদা আহ্বান কৰিবলৈ কোৱা হৈছিল ৰাসায়নিক সাৰ বিভাগক৷
https://x.com/GauravGogoiAsm/status/1902699712815493446
ইয়াৰ পাছত ২০২১ চনৰেই ৭ ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোটক লৈ সংসদত এক প্ৰশ্ন উত্থাপন কৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ এই প্ৰশ্নৰ উত্তৰতো কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক সাৰ বিভাগৰ মন্ত্ৰী মনসুখ মাণ্ডব্যই জনাইছিল যে ২০২৫ চনৰ ২১ মে;ত অনুষ্ঠিত কেবিনেটে ইতিমধ্যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনত অনুমোদন জনাইছে ৷
ইয়াৰ পাছত ব্ৰক্ষ্মপুত্ৰৰ বুকুৰে বহুত পানী বৈ গ’ল৷ মোদী চৰকাৰৰ কেবিনেট সিদ্ধান্ত সিদ্ধান্তৰ ৰূপতেই থাকি গ’ল৷ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ দাবী দাবী হৈয়েই থাকি গ’ল৷ এইবাৰ আকৌ এবাৰ মোদী চৰকাৰৰ কেবিনেটত একেই সিদ্ধান্ত– নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ যেন নতুন বটলত আকৌ পুৰণি মদ৷ সেইবাবেই সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগে–অসমবাসীক আকৌ আভুৱা ভাৰা হৈছে নেকি? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ এই প্ৰশ্নৰ কি উত্তৰ দিয়ে, সেয়া হ’ব লক্ষণীয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.