বিশিষ্ট নাট্যকাৰ ড° অখিল চক্রৱর্তীলৈ ‘ভোগদৈপৰীয়া সাহিত্য বঁটা’ -২০২৩

Share This Article

অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক ( ১৯৮৪-৯০), প্রাক্তন সভাপতি( ২০০৯-১০), বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তীলৈ আগবঢ়োৱা হৈছে ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৩ ।উল্লেখ্য যে মানসম্পন্ন, পৰিশীলিত সাহিত্য-চৰ্চা আৰু ব্যাপ্তি সাধনাৰ এক পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে গঠিত হোৱা ‘ভোগদৈপৰীয়া কবিকণ্ঠ’ই প্ৰতিবছৰে এগৰাকী বিশিষ্ট ব্যক্তিক ‘ভোগদৈপৰীয়া সাহিত্য বঁটা’ প্রদান কৰি আহিছে । লাৱণ্য দত্ত হাজৰিকা আৰু বোধেশ্বৰ হাজৰিকাৰ স্মৃতিত বিশিষ্ট যুৱলেখক অৰূপজ্যোতি হাজৰিকাই প্ৰদান কৰা এই বিশেষ বঁটাটিত আছে নগদ পাঁচ হাজাৰ টকা, এটি স্মাৰক, চেলেং, গামোচা, সঁফুৰা, ফুলাম জাপি, গ্ৰন্থৰ টোপোলাসহ এখন সম্বর্ধনা পত্র।অহা ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা ‘ভোগদৈপৰীয়া কবিকণ্ঠ’ৰ চতুর্থ বার্ষিক প্রতিষ্ঠা দিৱসত যোৰহাটৰ বিধায়ক হিতেন্দ্রনাথ গোস্বামীৰ হাতেৰে নাট্যকাৰগৰাকীক এই বঁটা প্রদান কৰা হ’ব বুলি এক বিজ্ঞপ্তিৰ জড়িয়তে আজি উদ্যোক্তাসকলে জানিবলৈ দিছে ।উল্লেখ্য যে ১৯৪৩ চনৰ ২৮ জানুৱাৰীত যোৰহাটৰ উপকণ্ঠ সর্বাইবন্ধাত জন্মগ্ৰহণ কৰা ড০ অখিল চক্রৱর্তীৰ পিতৃৰ নাম যোগেন্দ্রনাথ চক্রৱর্তী আৰু মাতৃৰ নাম নিৰদা চক্রৱর্তী । ৬৬ নং হেজাৰী প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা আৰম্ভ কৰা বিশিষ্ট নাট্যকাৰগৰাকীয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা Chutney আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী গ্ৰহণ কৰিছিল ।পৰৱর্তী সময়ত স্নাতকোত্তৰ প্রশিক্ষণ মহাবিদ্যালয়ৰ পৰা বি এড, স্কুল অৱ কমিনিউকেচন এণ্ড মেনেজমেণ্ট ষ্টাডিচ, কচিনৰ পৰা জনসম্পর্ক আৰু সাংবাদিকতা বিষয়ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে । তেওঁ যুদ্ধোত্তৰ অসমীয়া নাটকৰ বিশ্লেষণাত্মক অধ্যয়ন বিষয়ত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্রী লাভ কৰে ।১৯৬০ চনত যোৰহাট নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কর্ম জীৱন আৰম্ভ কৰা ড০ চক্রৱর্তীয়ে ১৯৬১-৬৪ চনলৈকে মালৌ আলি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে আৰু ১৯৬৪-৬৮ চনলৈকে নগা পাহাৰৰ চুৰহুট উচ্চ মাধ্যমিক বিদ্যালয়ত প্রধান শিক্ষক হিচাপে কর্মৰত হয় ।১৯৬৮ চনৰ পৰা তেওঁ হিন্দুস্তান সাৰ নিগম নামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ অন্তত: জন সম্পর্ক বিভাগত কর্মৰত হয় আৰু ২০০১ চনত ব্রহ্মপুত্র ভেলী সাৰ কাৰখানাৰ পৰা জন সম্পর্ক বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। উল্লেখ্য যে কুৰিখনৰো অধিক উপন্যাস, ওঠৰখন নাটক, শতাধিক গল্প, অলেখ প্রবন্ধ,গীত আৰু কবিতা সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ড০ অখিল চক্রৱর্তী নাট্যকাৰ হিচাপেহে অধিক সমাদৃত। পূজনীয় দেউতা, আমি স্বপ্নাতুৰ, এজন ৰজা আছিল, তৃতীয় পহৰ, মাণিক বিচাৰি আদি নাটকৰ স্রষ্টা ড০ অখিল চক্রৱর্তীয়ে ১৯৭৪ চনত স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচনা কৰা ‘আমি স্বপ্নাতুৰ’ নাটকখনৰ বাবে সেইসময়ৰ মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহৰ পৰা ‘নাট্যকাৰৰ বঁটা’ লাভ কৰিছিল । মঞ্চনাটকৰ লগতে টেলিফ্লিম আৰু তথ্য চিত্রৰ প্রযোজক আৰু পৰিচালক ড০ অখিল চক্রৱর্তীক অসম নাট্য সন্মিলনে ২০২১ চনত দুলীয়াজানত ‘নাট্য সন্মিলন বঁটা’ গোলাঘাট এমেছাৰ ছ’চাইটিয়ে ২০১৫ হৰিপদ চেতিয়া বঁটা আগবঢ়ায় । সাংস্কৃতিক মহাসভা অসমে ২০১১ চনত নাট্য শিৰোমণি উপাধিয়ে বিভূষিত কৰে । তদুপৰি তেওঁ ২০২১ চনত অসম সাহিত্য সভাৰ নিজৰা কবি, নাট্যকাৰ শৈলধৰ ৰাজখোৱা বঁটা লাভ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.