নি:সংগ আজমল , চিন্তাত বিজেপি

Share This Article

ৰাহুল গান্ধীৰ এটা মাত্ৰ বাক্যই এতিয়া আউল লগাইছে বিজেপি – এ আই ইউ ডি এফৰ ৰাজনীতিত ।প্ৰতিদিন টাইমৰ দ্য কনক্লেভত অংশগ্ৰহণ কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিলে যে এ আই ইু ডি এফৰ লগত কোনো সম্পৰ্কই নাই কংগ্ৰেছৰ । এক কথাত বদৰুদ্দিন আজমলৰ দলৰ সৈতে মিত্ৰতাৰ সকলো সম্ভাৱনা নাকচ কৰি দিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই । ইয়াৰ পাছত কংগ্ৰেছ শিবিৰত নহয় , হাহাকাৰ লাগিছে বিজেপি মন্ত্ৰীৰ মাজত।বিজেপি চৰকাৰৰ দুই মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই যেন এতিয়াও মানি ল’ব পৰা নাই বিৰোধী শিবিৰে এ আই ইউ ডি এফক বয়কট কৰাৰ বাতৰি । যেন নিজ কানেৰে বিশ্বাসেই কৰিব পৰা নাই ৰাহুল গান্ধীৰ স্পষ্ট ঘোষণা । সেইবাবেই এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা হ’ব বুলি এতিয়াও আশাবাদী হৈ আছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা ।২০১৪ চনৰ পৰাই বদৰুদ্দিন আজমল আছিল বিজেপিৰ ৰাজনীতিৰ মূল উপাদন । কেতিয়াবা আজমল উপ মুখ্যমন্ত্ৰী হ’ব বুলি কৈ , আন কেতিয়াবা দাঢ়ি – টুপীৰ চৰকাৰ হ’ব বলি কৈ অসমীয়া হিন্দু ভোটাৰক আকৰ্ষন কৰিবলৈ সক্ষম হৈছিল বিজেপি দলে। কিন্তু ২০২১ ৰ নিৰ্বাচনৰ পাছৰে পৰাই অসমৰ বিৰোধীয়ে সন্মিলিতভাৱে বয়কট কৰিলে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক।কিন্তু তাৰ পাছতো বিজেপি আৰু এ আই ইউ ডি এফৰ পক্ষৰ এনে এটা ধাৰণা সৃষ্টি কৰা হৈছিল যে নিৰ্বাচনৰ সময়ত আকৌ মিত্ৰতা হ’ব এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ ।আনকি ইন্ডিয়া মিত্ৰজোটত চামিল হ’বলৈ বিহাৰ , মহাৰাষ্ট্ৰলৈও তাতবাতি কাঢ়িছিল বদৰুদ্দিন আজমলে। কিন্তু শেষ পৰ্যন্ত ইণ্ডিয়াৰ সভালৈ নিমন্ত্ৰণ নাপালে এ আই ইউ ডি এফে।তাৰ পাছতো তেওলোকে অসমৰ ৰাইজক মিত্ৰতা হ’বই বুলি ধাৰণা এটা দিবলৈ চেষ্টা চলাই আহিছিল ।ইয়াৰ আধাৰতেই বিজেপিয়েও ৰাজনৈতিক টিপ্পনী কৰি আহিছিল। কিন্তু ৰাহুল গান্ধীৰ এতা মাত্ৰ ঘোষণাই সকলো জল্পনা – কল্পনাৰ যৱনিকা পেলালে। আজমল এইদৰে বয়কত হোৱাৰ পাছতেই চিন্তা আৰম্ভ হৈছে এ আই ইউ ডি এফৰ লগতে বিজেপিৰো। কিয়নো অসমত বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ এপাত শক্তিশালী অস্ত্ৰ বুমেৰাঙ কৰি পেলালে ৰাহুল গান্ধীৰ এটা মাত্ৰ ঘোষণাই ।যাৰ বাবে দুয়োটা শিবিৰতেই আৰম্ভ হৈছে দু:শ্চিন্তা ।আন নালাগে খোদ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই যেন এতিয়াও মানি ল’ব পৰা নাই ৰাহুল গান্ধীৰ এই ঘোষণা ।অন্তত: তেওলোকৰ ভাষ্যৰ পৰা এয়াই স্পষ্ট হৈ পৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.