এদেও দুদেও লোটা নিয়াৰ চেও বিজেপিৰ !

Share This Article

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ঐতিহ্যত ঘূণে ধৰিছে৷লাচিত বৰফুকনক হিন্দু বীৰ বুলি উল্লেখ কৰি এক ঠেক গণ্ডীৰ মাজলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে।মঙলবাৰে নলবাৰী বিজেপিয়ে সামাজিক মাধ্যমত মহান বীৰ লাচিত বৰফুকনক হিন্দু বীৰ বুলি উল্লেখ কৰিলে।ইয়াৰ পিছতেই আৰম্ভ হ’ল বিতৰ্কৰ।লাচিত আছিল অসমীয়া বীৰ !অসমৰ বীৰ !লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুঁজ দিছিল ।মোগল আছিল শত্ৰু আৰু সেই শত্ৰুৰ পৰা অসমক ৰক্ষা কৰিছিল।সেই অসমত কেৱল হিন্দুক সুৰক্ষা দিবলৈ লাচিত বৰফুকনে যুঁজ দিয়া নাছিল।যুঁজ দিছিল বৰ অসমৰ সুৰক্ষাৰ বাবে।আহোম স্বৰ্গদেউ চুকাফাই গঠন কৰিছিল বৰ অসমৰ।বৰ অসমত কোনো ধৰ্ম,জাতিৰ মাজত ভেদভাবৰ কথা নাছিল।চুকাফাৰ সাম্ৰাজ্যক সুৰক্ষিত কৰাৰ স্বাৰ্থত নৰিয়া গাৰে যুঁজ দিছিল লাচিত বৰফুকনে।আনহাতে,সেই একে বিজেপি চৰকাৰৰ আমোলতে  ৰংঘৰত শব্দ আৰু পোহৰৰ প্ৰতিফলন ঘটাই সৃষ্টি কৰা হৈছিল ধৰ্মীয় চিহ্ন আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি !এছিয়াৰ ভিতৰতে প্ৰথম পেভিলিয়ন হিচাপে খ্যাত ৰংঘৰৰ ওপৰত চলোৱা ‘অনাকাংক্ষিত হাতোঁৰাই’ পুনৰবাৰ অসমবাসীৰ সন্মানত কুঠাৰাঘাত কৰিছিল।ঠিক সেইদৰে ২০১৬ চনত বিজেপি চৰকাৰ অসমত শাসনলৈ অহাৰ পিছতেই আহোমৰ সম্ভ্ৰমৰ প্ৰতীক কাৰেংঘৰত হাত দিছিল এটা বিশেষ শক্তিয়ে। পতাকা লগাই নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচৰা সংগঠনক অৱশ্যে কাৰেংঘৰটো পিছদিনাই গাখীৰেৰে ধুই পবিত্ৰ কৰি উচিত প্ৰত্যুত্তৰো দিয়া হৈছিল ।পিছে গাখীৰেৰে ধোৱা কাৰেংঘৰ নুশুকাওঁতেই সেই সকলৰে কিছু সংখ্যকে হাত উজান দিলে চৰকাৰৰ লগত।চতুৰ ৰাজনীতিকে তেতিয়াই বুজি উঠিলে যে এই জাতিক ব্যৱহাৰ কৰাটো সহজ।তাৰেই প্ৰতিফলন ঘটিল লাচিতক হিন্দু বীৰ সজোৱা আৰু ৰংঘৰত সৃষ্টি কৰা শব্দ আৰু পোহৰৰ খেলাত !আৱেগিক জাতিটোক ব্যৱহাৰ কৰিয়েই লাচিতক হিন্দু বীৰ,শংকৰদেৱক বাবা সজালে এচাম সুবিধাবাদী ৰাজনীতিকে। এসময়ত লাচিত বৰফুকন, ৰংঘৰক লৈ ড° ভূপেন হাজৰিকাই গীত গাইছিল।স্বাধীন অসমৰ সপোন দেখা এটা চামে সেই ৰংঘৰৰ বাকৰিত এটা সময়ত স্বাধীন অসমৰ সপোন দেখিছিল।অসম তথা অসমীয়াৰ জাত্যভিমান ৰক্ষাৰ প্ৰতীক আছিল এই ৰংঘৰ,লাচিতৰ বীৰত্বক লৈ অনুপ্ৰাণিত হৈছিল !কিন্তু সেই লাচিতৰ বীৰত্ব আৰু ঐতিহ্যক ব্যৱহাৰ কৰি বিশেষ এটা ৰাজনৈতিক দলে নিজৰ নাম-যশ বিয়পাব বিচাৰিছে বিশ্বত !লাচিত বৰফুকন আৰু ৰংঘৰক গেৰুৱাকৰণ কৰিব বিচৰা হৈছে নেকি ? লাচিত বৰফুকনক হিন্দু বীৰ হিচাপে পৰিচিত কৰাই এই নতুন ৰূপৰ জৰিয়তে ৬০০ বছৰ ৰাজত্ব কৰা আহোমৰ ৭০ লাখ জনতাক কাবু কৰাৰ কৌশল বুলি ভাবিবলৈ বাধ্য হৈছে ৰাজ্যৰ সচেতন মহল ! লাচিত বৰফুকনক লৈ বিজেপি দলে কৰা এই ধৃষ্টতাক ধিক্কাৰ জনাইছে সৰ্বত্ৰে !এটাই মাথো প্ৰশ্ন সকলোৰে মুখে মুখে- আৰু কিমান সহিম আৰু কিমান দিনলৈ সহিব লাগিব ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.