২৪ ঘণ্টা থাকিব?আহেহে ২৪ ঘণ্টাত এবাৰ !

Share This Article

অসমৰ ৰাইজে বিজুলী নাপায় !আধা ঘন্টা ফেন চলা‌য় আকৌ দুঘন্টা ৰব লাগে বিজুলীৰ বাবে! অসমৰ ৰাইজক ২৪ ঘন্টা বিজুলী দিব নোৱাৰে শক্তি বিভাগে!চৰকাৰৰ ২৪ ঘন্টা বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ !অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ হ’ল ।বছৰ বছৰ পাৰ হৈ গ’ল কিন্তু চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল । দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ কথা কোৱা চৰকাৰে কিন্তু আজিলৈকে বিজুলীৰ সমস্যা সমাধান কৰিব পৰা নাই। গৰম বৃদ্ধিৰ সমান্তৰালকৈ বিজুলীৰ লোড চেদিঙে এতিয়া বিপাঙত পেলাইছে সাধাৰণ জনতাক ।থাকিব নোৱাৰা উৎকট গৰমত বিজুলী বিচাৰি হাবাথুৰি খাব লগা হৈছে অসমৰ প্ৰতিজন জনতাই।কি গাওঁ, কি চহৰ সকলোতে একেই অৱস্থা।অসমত প্ৰতিটো দিনতে প্ৰয়োজন হয় প্ৰায় ২৫০০ মেগাৱাট বিজুলী ইয়াৰে কেৱল ২৫০ মেগাৱাট হে অসমত উৎপাদন হয় বাকী ২২৫০ মেগাৱাট বিজুলী অন্যান্য কোম্পানীৰ পৰা ক্ৰয় কৰিব লগা হয় । অন্য কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা অসমৰ শক্তি বিভাগটো বৰ্তমান সময়ত লোকচানত চলি আছে ,ৰাইজৰ মূৰত ৰামটাঙোন সুধাই প্ৰতিদিনেই বঢ়াই গৈ আছে বিজুলীৰ মাচুল । ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ সাধাৰণ জনতাৰ ওপৰত পৰিছে কিন্তু এই বিষয়ত চৰকাৰৰ কৰিব লগীয়া আছে কি আৰু কৰিছে কি ? ২৪ ঘন্টাই বিজুলী দিব নোৱাৰাৰ কথা স্বীকাৰ কৰিলে APDCL ৰ কৰ্তৃপক্ষই কিন্তু তাৰ পাছতো চৰকাৰে চকু মুদা কুলিৰ ভাওত কিয় আছে এইটোহে সন্দেহৰ আৱৰ্তত !শক্তি বিভাগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে য’ত আধুনিকতাৰ প্ৰলেপ লগাই শক্তি বিভাগটোক ডিজিটেল কৰাৰ চেষ্টা কৰিছে কিন্তু এই ডিজিটেল প্ৰক্ৰিয়াত সৃষ্টি হোৱা প্ৰি প্ৰেইড মিটাৰে এতিয়া জ্বলা কলা খোৱাইছে সাধাৰণ ৰাইজক । প্ৰি প্ৰেইড মিটাৰে সকলোৰে মূৰত মাধমাৰ সোধাইছে । বিল দিয়াৰ পাছতো পুনৰ বিল দিব লগা হৈছে, কোনোৱে আকৌ ১০ ৰ পৰা ৪০ হাজাৰ টকা পৰ্যন্ত দিব লগা হৈছে ।এনেই বিদ্যুতৰ লুকা ভাকু তাৰোপৰি প্ৰি প্ৰেইড মিটাৰৰ জ্বলা কলা, মুঠতে সকলো দিশতে ৰাইজক মাধমাৰ এইখন চৰকাৰৰ।উৎকট গৰমত গুৱাহাটী মহানগৰীত এতিয়া এচিৰ অভাৱ, গুৱাহাটী মহানগৰীত এতিয়া প্ৰতিখন দোকানতে এচিৰ অভাৱ, প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এচি ক্ৰয় কৰিছে মহানগৰবাসীয়ে কিন্তু এচি ক্ৰয় কৰিলেও কি হ’ব বিজুলী নাই ।বিজুলী নাথাকিলে এচি চলিবই বা কেনেকৈ ?সকলো দিশৰ পৰা মাধমাৰ দিয়া চৰকাৰখনে ৰাইজৰ হৈ কেতিয়া ভাবি চাব । অসমৰ জনতাই যেতিয়া জনপ্ৰতিনিধিক প্ৰশ্ন কৰে নিজৰ সমস্যাবোৰক লৈ তেতিয়াই তুলুঙা মন্তব্যৰে একাংশ মন্ত্ৰী বিধায়কে বিষয়টোৰ পৰা ফালৰি কাতিব বিচাৰে কিন্তু আৰু কিমান দিনলৈ এনে কৰিব । ৰাইজৰ প্ৰকৃত সমস্যাৰ পৰা পলাই ফুৰা মন্ত্ৰী-বিধায়কে কেনেকৈ অসমত পৰিৱৰ্তন আনিব ইও এতিয়া সন্দেহৰ আৱৰ্তত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.