দুৰ্নীতিৰ বোকাত পোত গৈছে মুখ্যমন্ত্ৰীৰ শুৱালকুচি !

Share This Article

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল PMAYৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈছে খোদ মুখ্যমন্ত্ৰীৰ শুৱালকুচিত।প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে কামৰূপৰ হাজো উন্নয়ন খণ্ডত। ৮৪ নং লাহ ,কয়াটোল, হালোগাঁও পঞ্চায়তত অনিয়মৰ ভয় অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰএকাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন ভুক্তভোগী ৰাইজৰ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বঞ্চিত হৈছে হিতাধিকাৰী। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটা ঘৰৰ ক্ষেত্ৰত প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ধনী লোকৰ নাম আঁচনিত অন্তৰ্ভুক্তিৰ অভিযোগ স্থানীয় হিতাধিকাৰীৰ। কামৰূপৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮৪ নং লাহ – কয়াটোল – হালোগাওঁ গাঁও পঞ্চায়তত প্রধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে সীমাহীন দুৰ্নীতি-অনিয়ম। একাংশ দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত প্ৰতিনিধি , চৰকাৰী কৰ্মচাৰীয়ে প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ধনী লোকৰ নাম তথা বিভাগীয় নীতি নিয়ম আওঁতাত নপৰা ব্যক্তিকহে চৰকাৰী আচঁনিত বাছনি কৰাৰ অভিযোগ সাধাৰণ লোকৰ। পঞ্চায়ত খনৰ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে উৎকোচ লৈহে চৰকাৰী আচঁনি তথা প্ৰধানমন্ত্ৰী আৱাস যোজনা আচঁনিৰ বাবে বাছনি কৰাৰ অভিযোগ ৰাইজৰ। ৮৪ নং লাহ কয়াটোল হালোগাওঁ পঞ্চায়তৰ অন্তৰ্গত কৈৱৰ্ত্তটোলা চুবুৰিৰ ৰঞ্জিত দাস পিতৃ স্বৰ্গীয় খগেন দাসৰ নামত হিতাধিকাৰীৰ তালিকাত নাম থকাৰ পিছতো তেওঁক বঞ্চিত কৰাৰ অভিযোগ। হিতাধিকাৰী তালিকাত নাম থকাৰ পিছতো পঞ্চায়ত সদস্যই তেওঁৰ নামত আৱন্তিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটি অন্য লোকক প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। গাওঁ পঞ্চায়ত খনৰ অন্তৰ্গত অনুসূচীত জন জাতিৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাছনিৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ পঞ্চায়ত খনৰ বিৰুদ্ধে।কিন্ত সাৰ-সুৰ নাই মুখ্যমন্ত্ৰীৰ। এই দুৰ্নীতি আৰু অনিয়ম ৰোধ কৰিব নে চৰকাৰে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.