অতি দৰ্পে হত বিজেপি !

Share This Article

বাৰিষাৰ খহনীয়াৰ দৰেই খহিছে অসম বিজেপি !ৰাজ্যৰ জিলাই-জিলাই বিজেপিত অন্তঃকন্দল ! বাৰিষাৰ লুইতৰ গৰা খহাদি খহিয়েই আছে অসম বিজেপি।এইবাৰ বজালী বিজেপিত জ্বলিছে বিসম্বাদৰ জুই। নলবাৰী, বঙাইগাঁও, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰৰ পাছত এইবাৰ বজালীত খহিবলৈ আৰম্ভ কৰিছে বিজেপি। ৭ খনকৈ জিলাত বিজেপিৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে খহনীয়া। বিজেপিৰ সাংগঠনিক অৱস্থা এই পৰ্যায় পাইছেগৈ যে এফালে যদি দলীয় নেতৃত্বই দল ধৰি ৰখাৰ বাবে কৌশল ৰচিছে,আনফালে আকৌ দলীয় নেতৃত্বৰ কৌশলক প্ৰত্যাহ্বান জনাই অন্য দুখন জিলাত আৰম্ভ হৈছে দলীয় ভাঙোন। মুঠতে ২৪ৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অসম বিজেপি এতিয়া ভয়াৱহ সংকটৰ মাজত। শেহতীয়াকৈ বজালীৰ বিজেপি জিলা সভাপতি নগেন চৌধুৰীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ সূচনা কৰিছে জিলাখনৰ দলীয় নেতা-কৰ্মীয়ে। জিলাখনৰ বিজেপিৰ এক সাংগঠনিক বৈঠকতেই জিলাখনৰ সভাপতি জনৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে দলটোৰ পুৰণি আৰু জ্যেষ্ঠ কৰ্মীয়ে। যোগ্য মানুহক বঞ্চিত কৰি নিজ পুত্ৰক ঠিকা আবন্টন দিয়াৰ লগতে পত্নীক পৌৰসভাৰ দলীয় টিকট দিয়া আদি নানান নীতি বিৰুদ্ধ কামত জড়িত হোৱাৰ অভিযোগ বজালীৰ বিজেপি জিলা সভাপতি নগেন চৌধুৰীৰ বিৰুদ্ধে। কিন্তু দল অন্তঃকন্দলত জৰ্জৰিত হৈ থাকিলেও নাচোৰবান্দা বিজেপি,সকলো হেনো ঠিকেই আছে। কোনেও দল এৰি নাযায় বুলি দৃঢ় বিশ্বাসী হৈয়েই আছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। মুঠৰ ওপৰত সাত জিলাৰ খহনীয়াত বিধৱস্ত হৈ পৰিছে অসম বিজেপি। সঁচা অৰ্থতেই অসম বিজেপিত আৰম্ভ হৈছে ভয়াৱহ ভাঙোন। যেন বিজেপিৰ প্ৰতি মোহভংগ হৈছে সাধাৰণ মানুহৰ।নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে বিজেপিত আৰম্ভ হোৱা অন্তঃকন্দলৰ বিষয়ে। বিজেপিত দলীয় কর্মীৰে আৰম্ভ হোৱা সংঘাতে এনে ৰূপ পাইছেগৈ যে পদ ত্যাগ কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই বিজেপিৰ সদস্যই। বহু সদস্য তথা কর্মীৰ মাজত অসন্তুষ্টিয়ে এনে ৰূপ পাইছেগৈ যে দল ত্যাগ কৰিবলৈকো সাজু বিজেপিৰ সদস্য। মুঠৰ ওপৰত মানুহৰ পৰা ক্ৰমাৎ আস্থা হেৰুৱাইছে বিজেপিয়ে।কৰ্ণাটক বিজেপিৰ বিসম্বাদৰ ছবিখন যেন লাহে লাহে স্পষ্ট হৈ পৰিছে বিজেপিত। আৰু এনেকৈয়ে এতিয়া বিজেপি খহিছে। দেশৰ দাক্ষিণাত্যত দক্ষিণপন্থী ৰাজনীতিৰ অন্ত পৰাৰ লগে লগে উত্তৰ-পূৱতো যেন আৰম্ভ হৈছে বিজেপিৰ ভিতৰচৰাত বিসম্বাদৰ ৰাজনীতি।এতিয়া অসম বিজেপিত আৰম্ভ হৈছে ভাঙোন। এনেকৈ হ’লে মানুহৰ খং-ক্ষোভ-অসন্তুষ্টি কঢ়িয়াই কঢ়িয়াই বিজেপি হৈ পৰিব ভাৰাক্ৰান্ত।২৬ লৈকেতো বহুদূৰ,২৪ তেই সাংগঠনিক ভেটি থৰক-বৰক হৈ পৰিব বিজেপিৰ।নলবাৰী, বঙাইগাঁও, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰৰ পাছত এইবাৰ বজালীত খহিবলৈ ধৰা বিজেপিৰ ভেঁটিয়ে কঁপাই তুলিছে সকলো। এই সাত জিলাৰ বিদ্ৰোহেই ধ্বংস কৰিব নেকি বিজেপিৰ শক্তি? দৰ্প চূৰ্ণ হ’ব নে বিজেপিৰ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.