উভতি নহাৰ বাটেৰে গ’লগৈ ৭ গৰাকী যুৱক !

Share This Article

মৃত্যু এতিয়া সহজ !মৃত্যু এতিয়া উছৱ ! নিমিষতে হেৰাই গ’ল ৭ গৰাকী মেধাৱী ছাত্ৰ ! ৰাজ্যজুৰি শোকৰ ছাঁ!

বুকুত অযুত সপোন লৈ ঘৰৰ পৰা উচ্চ শিক্ষা ল’বলৈ গুৱাহাটী মহানগৰীলৈ ওলাই আহিছিল ছাত্ৰ কেইগৰাকী। বুকুত এসাগৰ আশা আৰু মনৰ মাজত অযুত সপোন লৈ সকলোৱে নাম ভৰ্তি কৰিছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত। কিন্তু কি কৰিব? সেই সপোন যেন এতিয়া সপোন হৈয়ে ৰ’ল। হঠাতে এটা কাল অমানিশা আহিল ছাত্ৰ কেইগৰাকীৰ জীৱনলৈ।ৰাজ্যবাসীয়ে হেৰুৱালে ৭ জনকৈ মানৱ সম্পদ।ঘটনাৰ স্থান- মহানগৰীৰ জালুকবাৰী৷ চানডুবিৰ পৰা দেওবাৰে নিশা উভতি আহি থকাৰ পথতেই AS-01-FK-9605 নম্বৰৰ স্কৰপিঅ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ডিভাইডাৰত। পৰৱৰ্তী সময়ত ডিভাইদাৰ পাৰ হৈ আনটো দিশত থকা ব্ৰইলাৰভৰ্তি ASO1GC 8809 বলেৰ’ পিক আপ বাহনত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় স্ক’ৰপিঅ’ত থকা ৭ গৰাকীকৈ ছাত্ৰ আৰু পিকআপ ভানখনৰ চালকসহ ৩ জন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।আঘাতপ্ৰাপ্ত কেইজনক ততাতৈয়াকৈ লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। নিশা প্ৰায় ১ বজাত জালুকবাৰীস্থিত ডি চি পি কাৰ্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যত পেলাইছে শোকৰ ছাঁ। নিহত ছাত্ৰ কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭নং ছাত্ৰাৱাসৰৰ আবাসী।ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ কৌশিক বৰুৱাৰ ঘৰ মঙলদৈত।অষ্টম ষান্মাসিকৰ কৌশিক মোহনৰ ঘৰ শিৱসাগৰত৷ তৃতীয় ষান্মাসিকৰ ৰাজ কিৰণ ভূঞাৰ ঘৰ মাজুলীত ।তৃতীয় ষান্মাসিকৰ ইমন বৰুৱাৰ ঘৰ ডিব্ৰুগড়ত৷পঞ্চম ষান্মাসিকৰ উপাংশু শৰ্মাৰ ঘৰ নগাঁৱত।ষষ্ঠ ষান্মাসিকৰ নিয়ৰ ডেকাৰ ঘৰ গুৱাহাটীত।অৰিন্দম ভোৱালৰ ঘৰ গুৱাহাটীত৷দুৰ্ঘটনাটোত আহত ছাত্ৰ কেইজন-যোৰহাটৰ মৃণ্ময় বৰা, অৰ্পণ ভূঞা,বঙাইগাঁৱৰ অৰ্ণৱ চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে।ঘটনাস্থলীত নিশাই উপস্থিত হয় যান-বাহন আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসহ NDRF দল।গাড়ীখনত উদ্ধাৰ সুৰাৰ বটল। তাৰ পাছতে ছাত্ৰ কেইজন সুৰামত্ত অৱস্থাত থকাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ। নিহত আৰু আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে জিএইমছলৈ। ঘটনাস্থলীত পুৱাই মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু আৰক্ষী আয়ুক্ত দিগন্ত বৰা উপস্থিত হয়।ইফালে, GMCH ত নিহত ছাত্ৰকেইজনৰ পৰিয়ালৰ মাজত কান্দোনৰ ৰোল।আনহাতে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, ছাত্ৰাবাসৰ পৰা নিশা ১ বজাত শিক্ষাৰ্থী কেইগৰাকী কেনেকৈ বাহিৰত থাকিব পাৰে ? মহাবিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে বাহিৰত আছিল নে ছাত্ৰ কেইজন? কিন্তু যদিহে হোষ্টেল অথবা কলেজ কৰ্তৃপক্ষক নিশা এইদৰে বাহিৰলৈ গ’লে জনোৱাটো বাধ্যতামূলক নহয় তেন্তে এই ব্যৱস্থা অনতিপলমে উপলব্ধ কৰোৱাৰ প্ৰয়োজন।তদুপৰি গাড়ীখনত উদ্ধাৰ হোৱা সুৰাৰ বটলে স্কৰপিঅ’খনৰ চালক তথা আন শিক্ষাৰ্থীসকল সুৰামত্ত অৱস্থাত থকাটোকেই সূচায় নেকি ? যদিহে তেনে হয় তেন্তে এখন ৰাজ্যৰ অগ্ৰণী শিক্ষানুষ্ঠান এখনৰ ১০ জনকৈ শিক্ষিত যুৱকে কিহৰ বাবে সুৰাপান কৰি এনেদৰে বিপদজনকভাৱে গাড়ী চলাব লগীয়া হৈছিল ? অৱশ্যে এইয়া কেৱল এক প্ৰাথমিক সন্দেহ হে । কিন্তু সাতগৰাকীকৈ মেধাৱী ছাত্ৰৰ শোকাৱহ পথ দুৰ্ঘটনাত নিহত হোৱাৰ খবৰে সকলোকে শোকদগ্ধ কৰি তুলিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.