চেক গণৰাজ্যত জিলিকিল ধৃতিমান

Share This Article

ইউৰোপ মহাদেশৰ চেক গণৰাজ্যৰ ৰাজধানী, ইউৰোপৰ সুন্দৰতম চহৰ প্ৰাগত অবস্থিত বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ সংস্থা “প্ৰাগ ফিল্ম স্কুল”ত বোকাখাতৰ ধৃতিমান কাকতিয়ে বিশেষ সফলতা আৰ্জন কৰিছে । কমাৰগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, ইংৰাজী বিভাগৰ মূৰব্বী ড° গায়ত্ৰী বৰা কাকতি আৰু অসম চৰকাৰৰ অধীনৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক অলকানন্দ কাকতিৰ একমাত্ৰ সন্তান “প্ৰাগ ফিল্ম স্কুল”ৰ ছাত্ৰ ধৃতিমান কাকতিয়ে ২৬ মে’ত প্ৰাগত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ দীক্ষান্ত সমাৰোহত, চলচ্চিত্ৰ নিৰ্মাণৰ বিশেষ পাঠ্যক্ৰমৰ বাবে নিজৰ ডিগ্ৰীৰ মানপত্ৰ লাভ কৰে ৷ লগতে, ধৃতিমান কাকতিৰ সম্পাদনাৰ এখন ছবি “কাৰেল এণ্ড আৰন’ষ্ট”ৰ বাবে শ্ৰেষ্ঠ ছবিৰ সন্মান ( The Audience Award For The Best Film) লাভ কৰিছে । পুৰস্কাৰ প্ৰাপ্ত ছবিখনৰ পৰিচালক চিমাৰ সিং আৰু ফটোগ্ৰাফী খুশী হেগদেৰ । উল্লেখ্য যে ধৃতিমান কাকতিয়ে বোকাখাতৰ ৰক্তিম হাজৰিকাৰ লগত নিৰ্মাণ কৰা “The Man Who Speaks Nature” খনে চাৰিবছৰৰ আগতে ইউৰোপৰ হাংগেৰীত অনুষ্ঠিত ‘ বিশ্ব প্ৰকৃতি বিষয়ক চলচিত্ৰ মহোৎসৱ’ত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল ৷ আয়োজন সমিতিৰ আহ্বান মৰ্মে ধৃতিমানে সেই সন্মান নিজে গৈ হাংগেৰীত গ্ৰহণ কৰিছিল ৷ কাজিৰঙাৰ প্ৰকৃতি কৰ্মী মনোজ গগৈৰ ওপৰত নিৰ্মান কৰা সেই চুটি ছবি খনে মনোজ গগৈৰ কৃতিত্ব সমগ্ৰ বিশ্বৰ চুকে কোণে বিয়পোৱাত প্ৰভূত বৰঙনি আগবঢ়াইছিল ৷ ধৃতিমান কাকতি আৰু তেওঁৰ বন্ধুয়ে প্ৰাগ ফিল্ম স্কুলত নিৰ্মাণ কৰা “ডিপ্লমা ফিল্ম”খন চেক ভাষাত নিৰ্মিত ৷ ইংৰাজীত চাবটাইটল থকা ছবিখনত অভিনয় কৰিছে চেক গণৰাজ্যৰ এজন খ্যাতিমান অভিনেতা আৰু এজন পাৰদৰ্শী শিশু শিল্পীয়ে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.