দিয়াই দিলে,নিয়াই নিলে,নপঢ়ে যি কৰে কৰক !

Share This Article

অসম চৰকাৰে জোৰকৈ জাপি দিয়া ইংৰাজী মাধ্যমৰ কিতাপ হাতত লৈ দিশহাৰা শিক্ষাৰ্থী! অসম চৰকাৰৰ জোৰ-জবৰদস্তিৰ নীতিত পনবন্দী শিক্ষাৰ্থী!ষষ্ঠ শ্ৰেণীৰ গণিত-বিজ্ঞানৰ ইংৰাজী পাঠ্যপুথিক কেন্দ্ৰ কৰি হাঁহাকাৰ!ইংৰাজী মাধ্যমৰ পাঠ্যপুথি বুজি নাপায় ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে! ইংৰাজী মাধ্যমৰ গণিত-বিজ্ঞানৰ পাঠ্যপুথি ওভোতাই নিয়াৰ দাবী!

চৰকাৰে জোৰকৈ নীতি প্ৰণয়ন কৰিলে। ষষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত পঢ়িব লাগিব গণিত- বিজ্ঞান। মাতৃভাষাক জলাঞ্জলি দি ইংৰাজী মাধ্যম প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অসম চৰকাৰে।তাৰ পাছৰ পৰিস্থিতি ভয়াৱহ। অসম চৰকাৰৰ অবিবেচকী-অপৰিপক্ক আৰু টোগলকী সিদ্ধান্তৰ কুফল ভুগিব লগীয়া হৈছে ৰাজ্যৰ লাখ-লাখ শিক্ষাৰ্থীয়ে। হাহাকাৰ লাগিছে শিক্ষাৰ্থী আৰু অভিভাৱকৰ মূৰত।অসমৰ জনতা, সচেতন নাগৰিক,দল-সংগঠনৰ প্ৰতিবাদ-প্ৰতিৰোধকো কেৰেপ নকৰা অসম চৰকাৰে নিজ সিদ্ধান্ত বাহাল ৰাখিলে।আৰু ৰাজ্যৰ কণ-কণ শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলিছে অসম চৰকাৰে।কেৱল সেয়াই নহয় কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ পৰামৰ্শক ভৰিৰে মোহাৰি, বিশেষজ্ঞৰ পৰামৰ্শক চূড়ান্তভাৱে অপমান কৰি মইমতালিৰে কণ-কণ শিক্ষাৰ্থীক গিনিপিগ সজালে এইখন অসম চৰকাৰে। ফলত আজি হাহাকাৰ কৰিবলগীয়া হৈছে কণ-কণ শিক্ষাৰ্থী।
কিন্তু প্ৰশ্ন হৈছে যে চৰকাৰে ভবাৰ দৰে ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত শিক্ষা আয়ত্ত কৰিব পৰিছে নে? উত্তৰত এটাই উত্তৰ-পৰা নাই কীয়নী শিক্ষাৰ্থী সকলৰ ঘৰত ইংৰাজী মাধ্যমত পঢ়াব পৰা ব্যক্তি নাই। সেয়েহে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক চৈয়দ আনিছুৰ ৰহমানৰ উমৈহতীয়া আহ্বান মাতৃভাষা মাধ্যমৰ পাঠ্যপুথি যোগান ধৰক শিক্ষাৰ্থীক ।
গণিত-বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীত ছপোৱাক লৈ ৰাজ্যজুৰি অব্যাহত প্ৰতিক্ৰিয়া।যোৱা ২৪ এপ্ৰিল তাৰিখে এখন শৈক্ষিক সভা অনুষ্ঠিত কৰিছিলো। যাতে, বছৰটোৰ আৰম্ভণিতে শৈক্ষিক দিশৰ কিছুমান অভাৱ অভিযোগ দূৰ কৰিব পাৰো।তাকে লৈ ৰাজ্যৰ ১০ টা শিক্ষক সংগঠন লগ হৈছিল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাকে ধৰি ৬টা শিক্ষক সংগঠনে শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।ষষ্ঠ শ্ৰেণীৰ বাবে ইংৰাজী মাধ্যমত গণিত আৰু ইংৰাজী বিষয়ত যি ইংৰাজী পাঠ্যপুথি যোগান ধৰা হল, সকলোবোৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে থিকে দি গৈছে।কিন্তু ছাত্ৰ-ছাত্ৰী আয়ত্ত কৰিব পৰা নাই। সোধ -পোছত জানিব পৰ গৈছে যে,শিক্ষাৰ্থী সকলৰ ঘৰত ইংৰাজী মাধ্যমত পঢ়াব পৰা ব্যক্তি নাই।য়আনকি অসমীয়াতে পঢ়াব পৰা ব্যক্তি নাই। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সম্পাদক চৈয়দ আনিছুৰ ৰহমানৰ উমৈহতীয়া আহ্বান উমৈহতীয়াভাৱে, যিখিনি পাঠ্যপুথি দিলে, সেইখিনি উভতাই লৈ যাব লাগে। আৰু মাতৃভাষা মাধ্যমৰ পাঠ্যপুথি খিনি যোগান ধৰিব লাগে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.