‘হাতী’ৰ জকা ওলাল ,অগপ কিন্তু ‘সুখী ‘ !

Share This Article

অগপৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই।আঞ্চলিকতাবাদৰ শক্তি অসমত এতিয়াও অটুট আছে ।নগাঁৱত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত হৈ এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ।লগতে বঙাইগাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অগপৰ শক্তি সুদৃঢ় হ’ব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টাকৈ বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাৰ মাজত অনুষ্ঠিত হয় এই বিশেষ কৰ্মকৰ্তা সন্মিলন।নগাঁও চহৰৰ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এই সন্মিলনত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদিকে ধৰি দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.