উন্নয়নৰ ফটাঢোল,৩ মাহে বিদ্যুৎ নাই কামপুৰৰ গাঁৱত

Share This Article

কঠীয়াতলী বিদ্যুৎ সংমণ্ডলৰ অধীনৰ কচুৱাৰ লুটুমাৰীৰ জয়সাগৰবাসীয়ে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখ্য যে লুটুমাৰীৰ তিনিখন গাঁৱত তিনি মাহে বিদ্যুৎ সংযোজন বন্ধ কৰি ৰক্ষা হৈছে। অঞ্চলটোৰ জয়সাগৰ গাঁও , মাটিখুলা গাঁও , আটি গাঁৱত বিগত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা বিদ্যুৎ কৰ্টন কৰি ৰাখিছে । অঞ্চলৰ ৰাইজে কঠীয়াতলী বিদ্যুৎ বিভাগৰ উৰ্ধতম বিষয়াৰ ওচৰলৈ তাঁতবাতি কৰিও কোনো সুফল পোৱা নাই। ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগে খুঁটাত সংযোগ কৰা কেব’ল বিলাক বহু ওলমাই থোৱাক প্ৰত্যক্ষ কৰে । সেই কাৰণে বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত গাঁৱৰ পৰা এখন ট্ৰাকে ধান আনি থাকোতে ওলমি থকা কেব’লত লাগি তিনিটা খুঁটা ভাঙে ।গঞা ৰাইজে ট্ৰাক খন ধৰি থানাত চমজাই দি বিদ্যুৎ বিভাগক বিহিত ব্যৱস্থাৰ বাবে অবগত কৰে ।পৰবৰ্তী সময়ত বিদ্যুত বিভাগে গঞা ৰাইজক দোষাৰোপ কৰি তিনিমাহে গাঁও কেইখনলৈ বিদ্যুত সম্পূৰ্ণ কৰ্টন কৰি ৰাখিছে। বৰ্তমান মেট্ৰিক আৰু হায়াৰ চেকেণ্ডৰী তথা অন্যান্য পৰীক্ষা বতৰত ছাত্ৰ ছাত্ৰী হাহাকাৰ কৰিব লাগিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.