গুলীয়াগুলি নহয় নাচগান সীমান্তত

Share This Article

হাইলাকান্দিত আয়োজন কৰা হৈছে অসম মিজোৰাম সীমান্ত উৎসৱৰ । উৎসৱত ককাঁল ভাঙি নাচিলে হাইলাকান্দি আৰু মিজোৰামৰ কলাসীৱ জিল‍াৰ দুই উপায়ুক্ত আৰু আৰক্ষী বিষয়া সকলে ।যোৱ‍া কেইটামান বছৰৰ পৰা অসম আৰু প্ৰতিৱেশী ৰাজ্য মিজোৰামৰ মাজত সম্পৰ্কৰ যথেষ্ট অবনতি ঘটিছিল । দুই ৰাজ্যৰ মাজত থকা সীমান্ত সমস্যাক কেন্দ্ৰ কৰি ২০২১ চনতে কাছাৰ জিলাৰ সীমান্তত সংঘটিত হৈছিল এক ৰক্তক্ষয়ী সংঘাত ।ইয়াৰ পিছৰ পৰা কেন্দ্ৰ চৰকাৰ তথা কেন্দ্ৰীয় গৃহ বিভাগে দুই ৰাজ্যৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছে । ইপিনে, অসম চৰকাৰৰ ফালৰ পৰা মিজোৰামৰ লগতে শান্তি আৰু ভাতৃত্ববোধ উন্নত কৰাৰ বাবে হাইলাকান্দি জিলাৰ আন্তঃৰাজ্যিক সীমান্তত আয়োজন কৰা হৈছে সীমান্ত উৎসৱৰ।এই অনুষ্ঠানত দুই ৰাজ্যৰ বিভিন্ন পৰম্পৰাগত বিপনী আদিৰ আয়োজন কৰা হয় । লগতে আয়োজন কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ । আজি এই সীমান্ত উৎসৱৰ অন্তিম দিনত বিশিষ্ট অতিথি হিচাপে উপস্থিত হয় মিজোৰামৰ কলাশিৱ জিলাৰ উপায়ুক্ত জন এল টি চাংগা সহ মিজোৰামৰ বিভিন্ন বিষয়া সকল । হাইলাকান্দিৰ জিল‍‍া উপায়ুক্ত হিভাৰে নিসৰ্গ, কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ সহ জিলাখনৰ আন বিশিষ্ট ব্যক্তি সকলো এই অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানৰ শেষত মিজো গানৰ তালে তালে ককাঁল ভাঙি নাচে হাইলাকান্দি আৰু মিজোৰামৰ কলাশিৱ জিল‍াৰ দুই উপায়ুক্ত আৰু আৰক্ষী বিষয়া সকলে । এনে অনুষ্ঠানে দুই ৰাজ্যৰ মাজতে ভাতৃত্ববোধ বৃদ্ধি কৰিব বুলি মন্তব্য কৰে দুই জিলা উপায়ুক্তই ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.