ফাৰহিন-শ্বাহনাজৰ অভিনয়ে মুহিলে ভাওনাপ্ৰেমীক

Share This Article

হিন্দু-মুছলমানক লৈ একাংশ লোকে ধৰ্মীয় সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে অহৰহ ব্ৰতী হৈ থকাৰ সময়ত নগাঁৱত দুয়োটা ধৰ্মৰে এদল কণমানিয়ে একেলগে মঞ্চস্থ কৰিলে ভাওনা।বলিষ্ঠ অভিনয়ৰে জিলিকিল মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীও।চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দক্ষতাৰ অনন্য নিদৰ্শন এই বিদ্যালয়ত।গুৰজনাই বিলাই থৈ যোৱা সমন্বয়ৰ বাণীকে আওৰাই নগাঁৱত ভাওনা মঞ্চস্থ কৰি সমাদৃত হ’ল নগাঁৱৰ এদল কণমানি । নগাঁও চহৰৰ ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সাৱলীল ৰূপত মঞ্চায়ন কৰিলে “দধীচি মুনিৰ দেহ ত্যাগ আৰু বৃত্তাসুৰ বধ” নামৰ ভাওনাখন ।চৰকাৰী বিদ্যালয়খনৰ দ্বিতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে দক্ষতাৰে পৰিবেশন কৰে ভাওনাখন । এমাহজোৰা আখৰাৰ অন্তত সহস্ৰাধিক লোকৰ উপস্থিতিত সোমবাৰে নিশা প্ৰদৰ্শিত হয় ভাওনাখন ।যি ভাওনাত বলিষ্ঠ অভিনয়ৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰিলে জুবিন ফাৰহিন আৰু শ্বাহনজ ইছলাম নামৰ মুছলমান সম্প্ৰদায়ৰ দুগৰাকী কণমানি ছাত্ৰ-ছাত্ৰীয়ে ।যিটো সময়ত পখিলা খেদাৰ বয়সৰ এনে একাংশ শিশু অনলাইন গেমত অভ্যস্ত হৈ সোণালী শৈশৱৰ মাধুৰ্য হেৰুৱাই পেলাইছে সেই সময়তে এইদল শিশু ব্ৰতী হৈ পৰিছে গুৰজনাৰ সৃষ্টিৰাজি ধৰি ৰখাৰ বিনম্ৰ প্ৰয়াসত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.