‘পাঠান’ৰ টিকেট কাটি থানাত মফিদুল

Share This Article

আজি সমগ্ৰ দেশতেই মুক্তি পাইছে পাঠান নামৰ চলচ্চিত্ৰখনে।শ্বাহৰূখ খান অভিনীত পাঠান চলচ্চিত্ৰখন মুক্তিৰ আগতেই যথেষ্ট বিতৰ্কলৈ আহিছিল।চলচ্চিত্ৰখনৰ এটা গীতৰ নৃত্যাংশক লৈ হৈছিল বিতৰ্ক।গীতটিত অভিনেত্ৰী দিপীকা পাডুকনে গেৰুৱা ৰঙৰ বিকিনী পৰিধান কৰাক লৈ হৈছিল বিতৰ্ক।উক্ত বিতৰ্কৰ বাবেই কেইবাটাও হিন্দুত্ববাদী সংগঠনে বিৰোধিতা কৰি আহিছে চলচ্চিত্ৰখনৰ মুক্তিৰ।অসমতো ইয়াক লৈ হৈছিল তীব্ৰ বিতৰ্কৰ।এই বিতৰ্কক প্ৰত্যাহ্বান জনাই পাঠান চিনেমাৰ ১২০ টা টিকট কাটি দৰঙৰ ধূলা থানাত আবদ্ধ মফিদুল ইছলাম ।
হিন্দুত্ববাদী সংগঠনক প্ৰত্যাহ্বান জনাই পাঠান চিনেমাৰ ১২০ টা টিকট সংগ্ৰহ কৰিছিল নেমছুৰ নেতাগৰাকীয়ে।
আইন শৃংখলাজনিত কাৰণতেই মফিদুল ইছলামক ধূলা থানাত আবদ্ধ কৰি ৰখা বুলি জানিব পৰা গৈছে।নেমছু নেতা মফিদুল ইছলামে মঙ্গলদৈ ড্ৰীম থিয়েটাৰৰ পৰা উক্ত টিকট সংগ্ৰহ কৰি বাতৰিৰ শিৰোনমা দখল কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.