কমতাপুৰত নিদিয়ে বিটিআৰৰ মাটি !

Share This Article

প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠনক লৈ খঙে ক্ষোভে একাকাৰ হৈছে ৰাজ্য ।বিটিআৰৰ ভূমি অন্তৰ্ভূক্তিৰ বিষয়টো কেতিয়াও মানি নোলোৱাৰ হুংকাৰ এবছুৰ সভাপতি দ্বীপেন বড়োৰ।প্ৰস্তাৱিত কমতাপুৰক এক ইঞ্চিও মাটি এৰি দিয়া নহব বুলি সকীয়াই দিয়ে সংগঠনটোৰ নেতাগৰাকীয়ে।শান্তি আৰু মূলসূঁতিৰ নামত বুজাবুজিৰ চুক্তি হ’ব আৰু তাত যাতে এক ইঞ্চিও বিটিআৰৰ মাটি অন্তৰ্ভূক্তি নহয় সেইটো বিষয় লৈ সংশ্লিষ্ট কৰ্তৃপক্ষক সাৱধান হৈ থাকিবলৈ সকীয়াই দিয়ে সংগঠনটোৰ সভাপতি গৰাকীয়ে।বিটিআৰৰ কোনো এটা অঞ্চল যাতে তেওঁলোকে নিবিচাৰে আৰু বিচাৰিলেও এক ইঞ্চিও এৰি দিয়া নহব -এই দাবী দীপেন বড়োৰ কোনো কাৰণতে বিটিআৰ তথা ষষ্ঠ অনুসূচী এলেকাৰ মাটি এক ইঞ্চিও এৰি দিয়া নহয়।কেএলঅ’ই বুজা উচিত , কাৰোবাৰ অধিকাৰ খৰ্ব কৰি নতুন ফৰ্মুলা মানি লোৱা নহ’ব ।সংগঠনটোৱে গৃহ বিভাগকো এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.