পুনৰ মুখা খুলিল মিথ্যাচাৰী মুখ্যমন্ত্ৰীৰ

Share This Article

বন্ধন বেংকৰ লিগেল নটিছে হাহাকাৰ লগাইছে গ্ৰামাঞ্চলত ।মুখ্যমন্ত্ৰীৰ ঘোষণাই কাল হল কামপুৰৰ সাহিত্যিক পেঞ্চনাৰ মোলান পৰিয়ালত।এতিয়া ঋণ অনাদায় মহিলালৈ বন্ধন বেঙ্কৰ লিগেল নটিছ আহিছে । সেয়ে হাহাকৰ কৰিছে ঋণ লোৱা মহিলা সকলে।কামপুৰৰ সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰেৰ পৰিবাৰ ৰীনা লস্কৰৰ নামতো হঠাৎ এই লিগেল নটিছ অহাত হতভম্ব হৈ পৰিছে পৰিয়ালটো।বিগত চাৰি বছৰে বন্ধন বেঙ্কৰ ঋণ লৈ নিয়মিত পৰিশোধ কৰি আহিছিল ৰীনা লস্কৰে।জানিব পৰা মতে ৰীনা লস্কৰৰ লেন দেনো ভাল আছিল।কিন্তু বিগত ২০২০ -২০২১ বৰ্ষত তেতিয়াৰ বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰফাইনেঞ্চৰ গ্ৰাহকৰ সকলো ঋণ মাফ কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত ঘোষণা কৰে।পৰবৰ্তী সময়ত ড°হিমন্তু বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত মাইক্ৰফাইনেঞ্চৰ২৮টা গোটেৰে আলোচনা হৈ ঋণৰ ২৫,০০০কৈ টকা ঋণীৰ হৈ পৰিশোধৰ এক সিদ্ধান্তলৈ আহে আৰু ২০২৩বৰ্ষৰ ৩১ মাৰ্চৰলৈকে পৰিশোধৰ দায়িত্ব লয় চৰকাৰে। চুক্তি স্বাক্ষৰ হয় যদিও বন্ধনে লিগেল নটিছ দিয়াৰ কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত সাহিত্যিক পেঞ্চনাৰ গৰাকীৰ পৰিবাৰ ৰীনা লস্কৰে সাত দিন ভিতৰত ঋণ পৰিশোধ কৰিব কৰিব লাগিব বুলি উকীলৰ জৰিয়তে অহা লিগেল নটিছ পায় মূৰে কপালে হাত দিছে।সীমিত উপাৰ্জনৰ পৰিয়ালটোৱে একেলগে এটা বৃহৎ পৰিমাণৰ ধন বন্ধন বেংকক উভতাব লগা হোৱা বিষয়টোত মূৰত সৰগ ভাঙি পৰিছে পৰিয়ালটোত।চৰকাৰে ইয়াৰ এক সঠিক পদক্ষেপ বাবে দাবী জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.