Investigative reporting with dedication.

জুবিন গাৰ্গ আৰু ৰিমলী শৰ্মা বৰাই কণ্ঠ নিগৰোৱা হাঁচটি নামৰ বিহুগীতটোৰ নগাঁৱত শুভমুক্তি দিয়া হয় । দেওবাৰে নিশা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গীতটোৰ শুভমুক্তি দিয়া হয়।আৰ বি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই গীতটিৰ কথা,সুৰ আৰু সংগীত বিমান বৰুৱাৰ। বিহুগীতটোৰ উন্মোচনী অনুষ্ঠানত গীতিকাৰ-সুৰকাৰ বিমান বৰুৱাৰ লগতে বিধায়ক ৰূপক শৰ্মা,জিতু গোস্বামী,শিল্পী কৃষ্ণমণি নাথ,জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ৰিমলী শৰ্মা বৰাৰ নিজা ইউ টিউব চেনেলত মুক্তিলাভ কৰা এই নৱতম বিহুগীতটোকো পূৰ্বৰ গীতসমূহৰ দৰে শ্ৰোতাই আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে।




