Investigative reporting with dedication.

দ্য ক্ৰছ কাৰেণ্টলৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা।দুৰ্নীতি বিৰোধী যুব শক্তি নামৰ সংগঠনটোৱে প্ৰদান কৰে এই বঁটা ।দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন বাতৰি সম্প্ৰচাৰ কৰি থকাৰ বাবে দ্য কাৰেণ্টক প্ৰদান কৰা হয় এই বঁটা ।বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱসত প্ৰদান কৰা হয় এই বঁটা ।সাংবাদিক নিতুমনি শইকীয়া সহ সাত গৰাকী ব্যক্তি আৰু সংবাদ প্ৰতিষ্ঠান হিচাপে কেৱল দ্য ক্ৰছ কাৰেণ্টক দিয়া হয় এই বঁটা।উল্লেখ্য সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে বিগত সময়চোৱাত দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিক মাত মাতি আহিছে।




