ঝাড়ুৱে সাৰি পেলালে ‘শুকান পদুম’ক

Share This Article

আপৰ ঝাড়ুত নিঃশেষ বিজেপি ৷ বিজেপিৰ ঘৃণাৰ ৰাজনীতি প্ৰত্যাখ্যান দিল্লীবাসীৰ৷
আপৰ দখলত দিল্লী পৌৰ নিগম নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে আপে দখল কৰিলে দিল্লীৰ পৌৰ নিগম ৷মুঠ ২৫০ টা ৱাৰ্ড। যুজঁখন হৈ পৰিছিল ভয়ংকৰ। প্ৰায় ১৫ টাকৈ বছৰ দিল্লীৰ দখলত থকা দিল্লী পৌৰ নিগমৰ নিৰ্বাচনে এইবাৰ দৰ্প চূৰ্ণ কৰিলে বিজেপিৰ। অৱশেষত বিজেপিৰ হাতৰ পৰা আতঁৰিল ৰাজধানী দিল্লীৰ নগৰ নিগম।

সংখ্যাগৰিষ্ঠতাৰ সংখ্যাৰ উৰ্ধত আপ
 আপৰ বিজয়ধ্বজা ১৩৪ টা ৱাৰ্ডত
বিজেপিৰ দখলত ১০৪ টা ৱাৰ্ড
 কংগ্ৰেছৰ দখলত ৯ টা ৱাৰ্ড
 অন্যান্য ৰাজনৈতিক দলৰ দখলত ৩ টা ৱাৰ্ড

৭ ডিচেম্বৰৰ দিনটো আছিল সমগ্ৰ দেশৰ ৰাজনৈতিক পৰিবেশৰ বাবে এটা উত্কণ্ঠিত দিন। দেশবাসীৰ দৃষ্টি নিবধৱা হৈ আছিল ৰাজধানী দিল্লীত চলি থকা ভোটগণনাত। দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনে খলকনি তুলিছিল। কাৰণ এই পৌৰ নিগমৰ নিৰ্বাচনেই তৈয়াৰ কৰিব ২৪’ৰ লোকসভা নিৰ্বাচনৰ বাট। আৰু সেয়ে বিজেপিৰ প্ৰায় সকলো জ্যেষ্ঠ নেতা-কেন্দ্ৰীয় মন্ত্ৰী উবুৰি খাই পৰিছিল দিল্লীৰ নিৰ্বাচনত। আৰু অৱশেষত বিজেপিৰ দৰ্প চূৰ্ণ কৰি আপে উৰুৱাল বিজয় নিচান। দিনৰ ঠিক ২ বজাৰ লগেই স্পষ্ট হৈ পৰিছিল দিল্লীৰ ছবি। ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ মানুহ। হাতে-হাতে আম আদমী পাৰ্টীৰ পতাকা লৈ সকলোৱে কৰিলে বিজয় উল্লাস। মিঠাই খুৱাই জনালে অভিনন্দন। সঁচাকৈয়ে যেন দিল্লীত চলিল আপৰ চাফাই অভিযান। এক কথাত ক’বলৈ গ’লে আপ’ৰ ঝাড়ুত নিঃশেষ হৈ গ’ল ভাৰতীয় জনতা পাৰ্টী। আম আদমী পাৰ্টিয়ে দিল্লীবাসীৰ সন্মুখত কৰা ১০ অঙ্গীকাৰকেই আঁকোৱালি ল’লে দিল্লীৰ জনতাই। দিল্লীক বাৰে বাৰে এখন সম্পূৰ্ণ আৰু পৰিপূৰ্ণ ৰাজ্য নহয় বুলি উপহাস কৰা, উপলুঙা কৰা বিজেপিৰ বাবে দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচন হৈ পৰিল কাল অমানিশা স্বৰূপ। নিৰ্বাচন সৰু কিন্তু ফলাফলৰ প্ৰভাৱ ব্যাপক। এখন ৰাজ্যৰ পৌৰ নিগমৰ নিৰ্বাচনে দেশৰ ৰাজনীতিত পেলালে ব্যাপক প্ৰভাৱ। এটা পৌৰ নিগমৰ নিৰ্বাচনত উবুৰি খাই পৰিছিল ১৩ খন ৰাজ্যৰ ৰাজনীতি। উবুৰি খাই পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী। তেতিয়াই ঠিক বুজি উঠা যায় যে শাসকৰ বাবে এই নিৰ্বাচন কিমান গুৰুত্বপূৰ্ণ। কাৰণ দিল্লীৰ নিৰ্বাচনৰ আছে রাজনৈতিক গুৰুত্ব। সুদীৰ্ঘ ১৫ টা বছৰ দিল্লীৰ পৌৰ নিগম দখল কৰা বিজেপিৰ বাবে এই পৰাজয় এক ভয়াবহ গ্লানি স্বৰূপ। দিল্লীৰ ৭ সাংসদেই বিজেপি। কিন্ত তাৰ পাছতো পূৰ্বৰ দুৰ্গ আঁতৰাই আপে কৰা এই মোক্ষম আঘাত বিজেপিয়ে মানি ল’ব কেনেকৈ। ২০০৭ চনৰ পৰাই দিল্লীৰ পৌৰ নিগমত বিজেপিৰ দখলত। এইবাৰৰ পৰাজয়ে বিজেপিক ২৪ ৰ বাবে বেকফুটলৈ লৈ যাব নেকি? নে ঘোঁৰা ক্ৰয়-বিক্ৰয়ৰ কলুষিত ৰাজনীতিয়ে অন্ধকাৰ কৰিব দিল্লীবাসীৰ জনমত। বিজেপিৰ অংগীকাৰক ভৰিৰে মোহাৰি আপৰ অংগীকাৰক আঁকোৱালি লোৱা দিল্লীবাসীৰ জনমতৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ৰ’ব নে মূল্যবোধৰ ৰাজনীতিৰ জয়গান গোৱা আম আদমী পাৰ্টীৰ বিজয়ী প্ৰাৰ্থী থিয় হৈ থাকিবনে সিংহ পুৰুষ হৈ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.